শীৰ্ষস্থান প্ৰাপ্ত১০ মেধাৱীয়ে চিকিৎসক হৈ সমাজ সেৱা কৰিব বিচাৰে

0 238

আজি ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ ৬০.২৩ শতাংশ। বিগত বৰ্ষৰ সমুহৰ তুলনাত এইবাৰৰ উত্তীৰ্ণ হাৰ সৰ্বাধিক।
২০১৯ বৰ্ষ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দহটা স্থানৰ ভিতৰত শীৰ্ষস্থান দখল কৰিলে লক্ষিমপুৰ নাৰায়ণপুৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী মেঘাশ্ৰী বৰাই। মেঘাশ্ৰীয়ে লাভ কৰিলে সৰ্বমুঠ নম্বৰ ৫৯৪। মেঘাশ্ৰীয়ে লাভ কৰা সফলতাৰ আঁত ধৰি আমি nefocus.com ৰ ফালৰ পৰা কথা পাতিছিলো.. তেওঁ সফলতাৰ সম্পৰ্কত এনেদৰে মন্তব্য কৰে .. নিয়মীয়াকৈ কৰা অধ্যয়ন আৰু দৈনিক নিৰ্দিষ্ট কাৰ্য্যসূচীয়ে সফলতাৰ মূলমন্ত্ৰ। পঢ়াৰ কোনো নিৰ্দিষ্ট ৰুটিং নাছিল‌ ।আনহাতে দ্বিতীয় স্থান লাভৰে সংস্কৃতিৰ নগৰ যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে চিন্ময় হাজৰিকাই। তেওঁ যোৰহাটৰ বাঘচোং ডনবক্স হাইস্কুলৰ পৰা উত্তীৰ্ণ হৈছে। চিন্ময়ৰ সৈতে হোৱা বাৰ্তালাপত অধ্যয়নৰ পদ্ধতি সম্পৰ্কত জনায় যে, মূলবিষয় বস্তু খৰছি মাৰি অধ্যয়ন কৰিছিল। বিজ্ঞান শাখাত পঢ়ি চিকিৎসক হোৱাৰ কথা ব্যক্ত কৰে চিন্ময়ে।
তৃতীয়স্থান দখল কৰা আন এগৰাকী ছাত্ৰী হৈছে গুৱাহাটী ছেইণ্ট মেৰিজ হাইস্কুলৰ অনুশ্ৰী ভূঞা। সম্প্ৰতি গুৱাহাটী গান্ধীবস্তিৰ বাসিন্দা অনুশ্ৰীয়ে কয় যে, পঢ়াৰ বাবে কোনো ধৰা বন্ধা সময় নাছিল। যেতিয়া মন যায় তেতিয়াই পঢ়া-শুনা কৰিছিল।
চতুৰ্থস্থান প্ৰাপ্ত কৃষ্টি শইকীয়াই কয় যে পৰীক্ষাৰ সময়ত দৈনিক ১০ ঘণ্টা অধ্যয়ন কৰিছিলো। আজৰি সময়ত গান শুনি আৰু বাহিৰা কিতাপ পঢ়ি ভালপোৱাৰ কথা ব্যক্ত কৰে।
পঞ্চমস্থান দখল কৰা লক্ষিমপুৰৰ মিলননগৰৰ তৌফিছ তমন্না ৰহমানে কয় যে ধনাত্মাক দৃষ্টিভংগী ৰাখি মনোযোগেৰে অধ্যয়ন কৰিলে সফল হ’ব পাৰি। পাঠ্য পুথিৰ উপৰিও গাইড বুকে এনে ৰিজাল্ট কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰাৰ কথা ব্যক্ত কৰে। ষষ্ঠ স্থান লাভ কৰা গোৱালপাৰাৰ ছাৰমিন হাছনাতে কয় যে চেষ্টাৰ অসাধ্য একো নাই ।স্থান লাভ কৰিম বুলি নিশ্চিত নাছিলো যদিও আশা আছিল।এ পি জে আব্দুল কালামৰ কিতাপ পঢ়ি ভালপোৱা হাছনাতে ভৱিষ্যতে আই এ এছ বিষয়া হোৱা সপোনৰ কথা ব্যক্ত কৰে।
সপ্তমস্থান দখলৰে লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে  ছেইণ্ট মেৰিজ হাইস্কুলৰ অলয় বুঢ়াগোহাঁইয়ে। অলয়ে অধ্যয়নৰ পদ্ধতি সম্পৰ্কত অনুৰূপ কথা ব্যক্ত কৰে।
অষ্টমস্থান লাভ কৰা অন্যতম এগৰাকী পৰীক্ষাৰ্থী হ’ল নগাওৰ বৰজহাৰ নিশিতা খাটনিয়া ।নিশিতাই আজৰি সময়ত ছবি আঁকি ভাল পায়‌ । বিষয়বস্তু সঠিক আৰু ভালকৈ নুবুজাকৈ নিশিতাই নতুন বিষয় অধ্যয়ন নকৰাৰ কথা জানিবলৈ দিয়ে।আনহাতে নৱম স্থান দখল কৰিবলৈ সক্ষম হোৱা দৰঙৰ জেফ্ৰিন আৰা আহমেদে একাগ্ৰতা, কঠোৰ পৰিশ্ৰম সফলতাৰ মূলমন্ত্ৰ বুলি ব্যক্ত কৰে।ভৱিষ্যতে চিকিৎসা সেৱাৰ মাজেদি সমাজ সেৱা আগবঢ়োৱাৰ আশা থকা কথা জানিবলৈ দিয়ে। দশমস্থান লাভ কৰা ধাৰাপুৰ কোচপাৰাৰ বিতোপন কলিতাই কয় যে বিষয়বস্তুক নিখুত ভাৱে বুজি লৈছিলো ।আজৰি সময়ত ছবি আঁকি ভাল পায় বিতোপনে। ভৱিষ্যতে আই আই টিত অধ্যয়ন কৰাৰ কথা পোষকতা কৰে।এয়া আছিল প্ৰথম দহ স্থান দখল কৰিবলৈ সক্ষম হোৱা দহ গৰাকীৰ মনৰ কথা ।উল্লেখযোগ্য যে এই ১০ গৰাকীৰ অধিকাংশই ভৱিষ্যতে চিকিৎসক হোৱা কথা ব্যক্ত কৰে।এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা  তেওঁলোকক সফলতাৰ বাবে   অলেখ অভিনন্দন জনালো ।খবৰ যুগুত কৰাত সহযোগ কৰিলে লখিমপুৰৰ পৰা কুশল শইকীয়াই, নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে, গোৱালপাৰাৰ পৰা অৰূপ নাথে,  দৰঙৰ পৰা হিৰক ভট্টাচাৰ্যই আৰু মিৰ্জাৰ পৰা জিতুমণি দাসে ।

Leave A Reply

Your email address will not be published.