হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফলৰ পিছত শিক্ষামন্ত্ৰীয়ে সংবাদমেলত কি ক’লে

0 245

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাজা পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই চেবাৰ কাৰ্য্যালয়ত এক সংবাদ মেল আয়োজন কৰে।সংবাদ মেলত শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে পূৰ্বৰ তুলনাত হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হাৰ বৃদ্ধি পাইছে ।ধেমাজি জিলাই যোৱা বছৰৰ দৰে গৌৰৱধ্বজা বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে ।অসমৰ ভিতৰত ধেমাজি জিলাত উত্তীৰ্ণ হাৰ সৰ্বাধিক ।এইবছৰত নগাঁও জিলাৰ পৰা সৰ্বাধিক পৰীক্ষাৰ্থীয়ে শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।প্ৰথম দহ স্থানত সৰ্বমুঠ ৩৯গৰাকীয়ে স্থান দখল কৰিবলৈ সক্ষম হৈছে ।আনহাতে কম্পাৰমেণ্টেল পৰীক্ষা অহা ১জুলাইৰ পৰা অনুষ্ঠিত হ’ব আৰু ৩০ জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে।ইচ্ছুক পৰীক্ষাৰ্থীয়ে ১৭মে’ৰ পৰা অনলাইন যোগে আবেদন কৰিব পাৰিব।আনহাতে ঐচ্ছিক বিষয় হিচাপে চাৰিটা প্ৰধান বিষয় সংযোজন কৰাৰ কথা ব্যক্ত কৰি কয় যে কৃষি আৰু উদ্যান শস্য, প্ৰাইভেট চিকিউৰিটি, হেলথ কেয়াৰ, টুৰিজিম আৰু হস্পিতালিটি বিষয় সন্নিৱিষ্ট কৰা হৈছে ।এনেধৰণৰ বিষয় অধ্যয়ন কৰা শিক্ষাৰ্থীয়ে জব ফেয়াৰ অংশ ল’ব পাৰিব বুলি জানিবলৈ দিয়ে ।সংবাদ মেলখনত ৰমেশ চন্দ্ৰ জৈন আৰু প্ৰীতম শইকীয়া উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.