শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত ভদিয়া নামৰ সামৰণি অনুষ্ঠানত ধৰ্ম পুথি উন্মোচন

0 289

উত্তৰ অসমৰ প্ৰধানতম সত্ৰীয়া পীঠ স্থান, ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত প্ৰতিষ্ঠা কালৰে পৰা   পৰম্পৰাগত ভাবে অনুষ্ঠিতহৈ  আহিছে ভদিয়া নাম প্ৰসংগ । শাওন মাহৰ সংক্ৰান্তি অৰ্থাৎ পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনৰ পৰা  দৈনিক অব্যাহত থকা এই ভদিয়া নামৰ শনিবাৰে বৰ্ণিল সামৰণি পৰে । শনিবাৰৰ সামৰণি অনুষ্ঠান উপলক্ষত পুৱাৰ পৰা সন্ধিয়া পৰ্যন্ত  নাম প্ৰসংগ , আই নাম ,থিয় নামৰ ধ্বনিৰে সত্ৰৰ বৰ নামঘৰ প্ৰাংগণ  মুখৰিত হৈ পৰে । সত্ৰ পৰিয়াল , ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰৰ ভক্ত , আই-বাপ বৈষ্ণৱ সকলৰ উপস্থিতিৰে  বৈকুণ্ঠ ধামলৈ ৰূপান্তৰ ঘটা  সত্ৰ প্ৰাংগণত  দুপৰীয়া এই অনুষ্ঠান ভাগীৰ সতে সংগতি ৰাখি ভদীয়া নাম প্ৰসংগ, কৃষ্টি সংস্কৃতি, পবিত্ৰ ভাদ মাহৰ বৈশিষ্ট, তাৎপৰ্য সামৰি সত্ৰীয়া প্ৰভু দেৱেন্দ্ৰ দেৱ গোস্বামীদেৱৰ ৰচিত আৰু শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ পুৰণি সম্পদ সংৰক্ষণ আৰু সংবৰ্ধন উপ-সমিতিৰ হৈ সম্পাদক ৰাজীৱ বৰুৱাৰ দ্বাৰা প্ৰকাশিত ধৰ্ম পুথি পবিত্ৰ ভাদ মাহ আৰু শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ শুভ উন্মোচন কৰা হয় । গুৰু বাদ্য খোল ,তাল ,নাগাৰা,শংখ ডবা ,আয়তীৰ উৰুলিৰ মংগল ধ্বনিৰ মাজত  পুথিভাগৰ শুভ উন্মোচন কৰে সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভূপেন্দ্ৰ দেৱ গোস্বামী আৰু  ভোগেন্দ্ৰ দেৱ গোস্বামী প্ৰভুৱে । সত্ৰ  উন্নয়ন সমিতিৰ সম্পাদক বীৰেন্দ্ৰ দেৱ গোস্বামীয়ে আঁত ধৰা পুথি উন্মোচনী  সভাত সত্ৰৰ সমূহ সত্ৰীয়া, ভকত বৈষ্ণৱ ,আই মাতৃ সমাজ উপস্থিত থাকে। ইয়াৰ পাছতে সন্ধিয়া ঘোষা আৰু গুণমালাৰ শ্ৰৱণ কীৰ্তন কৰি  ভদিয়া নামৰ সফল পৰি সমাপ্তি মৰা হয়।সত্ৰ সমিতিৰ আহ্বায়ক বিজু গোস্বামীয়ে বিগত মাহজোৰা পবিত্ৰ ভদিয়া  নাম ভাগিত অংশ গ্ৰহণ কৰি সত্ৰখনৰ  শতিকা গৰকা আধ্যাত্মিক পৰম্পৰাৰ অংশীদাৰ হোৱা  ৰাজ্যখনৰ প্ৰতি গৰাকী ভকত বৈষ্ণবক আন্তৰিক কৃতজ্ঞতা যাচিছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.