সৰ্থেবাৰী লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত কালি সৰ্থেবাৰীস্থিত প্ৰশান্তি ল’জত গ্ৰন্থ উন্মোচনী সভা এখন অনুষ্ঠিত হৈ যায়।উন্মোচনী সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সৰ্থেবাৰী লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা তৰুলতা ডেকাই।সৰ্থেবাৰী লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্রী ড° পদ্মা মেধিৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভা খনত বিশিষ্ট লেখিকা, সৰ্থেবাৰী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী তথা সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষা পাৰ্বতী পাটোৱাৰীৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়।সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহশিল্প শীৰ্ষক মূল্যবান গ্ৰন্থখন উন্মোচন কৰে ৰাজহ চক্ৰ বিষয়া ত্ৰিদিব কুমাৰ কোঁৱৰে।আনহাতে গাগিনী শীৰ্ষক কাব্যগ্ৰন্থ খন উন্মোচন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তথা স্বভাৱ কবি নকুল তালুকদাৰে। সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰি সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ত্ৰিদিব কুমাৰ কোঁৱৰে কয় যে উজনি অসমৰ এগৰাকী ব্যক্তি হৈ সৰ্থেবাৰীৰ দৰে প্ৰসিদ্ধ ঠাইৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিচাপে বদলি হৈ আহিবলৈ পাই ধন্য মানিছোঁ।সৰ্থেবাৰীৰ কাঁহ শিল্পৰ কথা সৰুৰে পৰাই শুনিছোঁ যদিও চাকৰিসূত্ৰে ইয়ালৈ আহি কাঁহ শিল্পৰ লগতে শিল্পী সকলৰ লগত পৰিচয় হ’ব পাৰিছোঁ বুলিও মন্তব্য কৰে।লগতে পৰিশ্ৰমী কাঁহশিল্পী সকলৰ লগত মত বিনিময় কৰিব পাৰিছোঁ আৰু আজি মই উন্মোচন কৰা উক্ত গ্ৰন্থখনত কাঁহশিল্পক সুন্দৰ ভাৱে উপস্থাপন কৰা হৈছে বুলি মন্তব্য কৰি কাঁহশিল্প সৰ্থেবাৰীৰ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে বুলিও মন্তব্য কৰে।একেদৰে স্বাধীনতা সেনানী পুষ্পৰাম কঁহাৰৰ নিপুণ হাতত প্ৰাণ পাই উঠিছিল বুলি মন্তব্য কৰি বৃটিছৰ শাসন কালত বৃটিছ শোষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰি জে’ললৈ গৈছিল পুষ্পৰাম কঁহাৰ বুলিও মন্তব্য কৰে।জে’লত পুষ্পৰাম কঁহাৰে জে’ল কাহী,জে’ল বাতি তৈয়াৰ কৰি জনপ্ৰিয়তা অর্জন কৰিছিল পুষ্পৰাম কঁহাৰে। এই গ্ৰন্থখনে সৰ্থেবাৰীলৈ এটা নতুনত্ব আনিব।ভাষণ প্ৰসংগত উন্মোচক গৰাকীয়ে কাঁহ শিল্পৰ লগত জৰিত হৈ থকা বিভিন্ন সমস্যাৰ বিষয়ে বক্তব্য প্ৰদান কৰি ইয়াৰ সমাধানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলিও মন্তব্য কৰে।সৰ্থেবাৰীৰ কাঁহ শিল্প পৃথিৱী জুৰি নাম থকাৰ কথাও উল্লেখ কৰে চক্ৰ বিষয়াই।আনহাতে কাব্যগ্ৰন্থ গাগিনী উন্মোচন কৰি বিশিষ্ট সাংবাদিক নকুল তালুকদাৰে কয় যে ৫২ টা কবিতাৰে সন্নিবিষ্ট এই কবিতা পুথিখনৰ নামটোৱেই পঢ়ুৱৈক প্ৰথমতেই আকৰ্ষিত কৰিব পাৰিব যেন বিশ্বাস জন্মিছে।ইয়াত এখন নদী আছিল,ইয়াত এখন নদী আছে শীৰ্ষক কবিতাত সৰ্থেবাৰীৰ জীৱন শৈলীৰ লগতে সমাজ জীৱনৰ বৰ্ণনা থকা বুলি মন্তব্য কৰে। এই কবিতাৰ জৰিয়তে সৰ্থেবাৰীৰ ইতিহাস জানিব পৰা যায় বুলিও মন্তব্য কৰে।গাগিনী কাব্যগ্ৰন্থৰ কেইবাটাও কবিতাৰ বিশ্লেষণ আগবঢ়াই তালুকদাৰে।এখন জীৱনী গ্ৰন্থতকৈ অনুপম হ’ব পাৰে এটা কবিতা।ব্যঞ্জনা আৰু উপমাৰে সৃষ্ট কাব্যগ্ৰন্থ এখন অনুপম সৃষ্টি হ’ব পাৰে।কবিৰ মন সদায় সুকীয়া।কবি সকলে কথাবোৰ অন্য ধৰণে চিন্তা কৰে বুলিও মন্তব্য কৰে।উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট সংস্কৃত পণ্ডিত তথা ৰঙিয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° দক্ষেশ্বৰ ডেকা শাস্ত্ৰী আৰু বাপুজী মহাবিদ্যালয়ৰ অধ্যাপিকা ড° গীতাঞ্জলি ভূঞাই উপস্থিত থাকি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বৰশিলমলা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক তথা জ্যেষ্ঠ সাংবাদিক চক্ৰেশ্বৰ ডেকাই। সৰ্থেবাৰীস্থিত অসমৰ সাহিত্য সভা শাখা ভাৰতী অধ্যয়ন চক্ৰৰ সভাপতি বাণীকান্ত ভূঞা ,শিল্পী পেন্সনাৰ জীৱেশ্বৰ ডেকা,নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰ, বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠক সম্পাদক তফিকুৰ ৰহমান,নলবাৰী জিলা ছাত্ৰ সন্থাৰ সম্পাদক অক্ষয় কুমাৰ ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক সভাখনত উপস্থিত থাকে।
Trending
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক