অগতানুগতিক শিক্ষাৰ এখন বিদ্যালয়

2 650

2

আপোনাৰ মতে বিদ্যালয়ৰ সংঞ্জা কি? সচৰাচৰ এখন বিদ্যালয়ত কেৱল পুথিগত বিদ্যা অথবা শিক্ষাতেহে সীমাবদ্ধ থাকে। আজি এনে এখন বিদ্যালয়ৰ কথা আপোনাক জানিবলৈ লৈছো, যিখন বিদ্যালয়ত আত্মসংস্থাপনৰ বাবে নিজকে সাজু কৰিব পৰাকে বিভিন্ন ক্ষেত্ৰৰ শিক্ষা প্ৰদান কৰাৰ লগতে প্ৰতিৰক্ষাৰ শিক্ষা প্ৰদান কৰা হয়। এক কথাত এই বিশেষ বিদ্যালয়খনক বিদ্যাৰ মন্দিৰ বুলি ক’ব পাৰি।

এই মন্দিৰ স্বৰূপ বিদ্যালয়খনৰ নাম চিনামৰা জাতীয় বিদ্যালয়। যোৰহাট জিলাৰ চিনামৰাত অৱস্থিত। উল্লেখযোগ্য যে এই বিদ্যালয় খনত কৃষি বিষয়ক পাঠ্যক্ৰম, বয়ন শিল্পৰ প্ৰশিক্ষণ, জনগোষ্ঠীয় ভাষা শিক্ষা, মীন পালন, সুকুমাৰ কলাৰ প্ৰশিক্ষণ, স্পকেন ইংলিছ এই সকলোবোৰৰ শিক্ষা প্ৰদান কৰা হয়। দিব্যজ্যোতি শৰ্মাৰ পৰিচালিত এই বিদ্যালয় খনত বৰ্ত্তমানে ৫০০ ৰো অধিক ছাত্ৰ-ছাত্ৰী আছে।

3

স্মৰ্তব্য যে এই বিদ্যালয়খনে ২০০২ চনত প্ৰতিষ্ঠা লাভ কৰিছিল। শিক্ষাৰ্থীক প্ৰকৃত গুণগত শিক্ষা প্ৰদান সমানে অসমৰ সমাজ সংস্কৃতিক আগুৱাই নিয়াৰ এক ভাল প্ৰয়াস পোহৰলৈ অহাৰ বাবে NE Focus.com ত প্ৰকাশ কৰিবলৈ সক্ষম হ’লো। বিদ্যালয়খনত স্থানীয় জনজাতিৰ ভাষা যেনে মিচিং আৰু দেউৰী ভাষাৰ পাঠদান কৰাৰ লগতে কৃষি কৰ্মৰ লগত ছাত্ৰ-ছাত্ৰী সকলে প্ৰত্যক্ষভাৱে কৃষিকৰ্ম কৰাৰ তথা শিক্ষাৰ বাবে সুযোগ পোৱা পৰিলক্ষিত হ’ল। ভাষা সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশেৰে অসমৰ জনমানসৰ আশা- আকাংক্ষ্যাক প্ৰতিফলিত কৰিব পৰাকৈ ন প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে বিদ্যালয়খনে অনাগত দিনত মানৱ সম্পদ গঢ়ি তোলক। আমাৰ থাকিল বহু শুভকামনা।

2 Comments
  1. PADUM BORA says

    Vidyalya hol siksha adan-prodan kora ek anusthan….. ee kitap ba moukhik ba brittigoto hobo parey….. Vidyalya eta soru ba dangor ghor nohobou parey…. edal gochor tolotu ekhon Vidyalya hobo parey…. jodihey siksha prodan aru grohon karyati prokitotey choli asey…. Sisyoi siksha grohon korutey guru oporiharya… guru saririk bhabey hobo parey ba o-saririk hobo parey…. kintu siksha grohonot guru oporiharya…… moi tenekoi bhabu…. dhonyobad…. utsahito hoi thaka.

    1. admin says

      ধন্যবাদ মহাশয়

Your email address will not be published.