বি টি আৰ বিজয়োৎসৱ।যোৱা ২৭ জানুৱাৰীত সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তিৰ পৰিপ্ৰেক্ষিতত এই বিজয় উৎসৱ অনুষ্ঠিত কৰা হৈছে।কোকৰাঝাৰৰ জাংখ্ৰৃথাই খেলপথাৰত অনুষ্ঠিত বড়ো শান্তি চুক্তি উদযাপন অনুষ্ঠানত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন কৰি কয় যে স্বাধীনতাৰ পাছত পাছত মই সৰ্ববৃহৎ সমাৱেশ দেখিলো।এই বড়ো শান্তি চুক্তিৰে এক নতুন দিগন্তৰ সূচনা হৈছে।এতিয়াৰে পৰা এই ভূমিত কোনো হিংসা নহয়।উত্তৰ পূৰ্বাঞ্চলত শান্তিৰ নতুন ধাৰা ঘূৰাই অনাটো এক ঐতিহাসিক ক্ষণ।এই চুক্তি অনুসৰি বি টি আৰৰ অধীনলৈ আহিব লগা অঞ্চলসমূহ নিৰ্ণয়ৰ বাবে সমিতি গঠন কৰা হ’ব।যাৰ জৰিয়তে অধিকাৰ,সংৰক্ষণ সকলো সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰা হ’ব।অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে তৰিৎ গতিৰে কাম কৰিব।এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।উল্লেখ্য যে প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাষণৰ মাজতে বড়ো ভাষা কৈ আৰনাই আৰু দখনাৰ কথাও উল্লেখ কৰে।গোলাঘাটত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন প্ৰসঙ্গত অসমীয়া ভাষাতে গভীৰ প্ৰণিপাত জনাই অধিবেশন সফল হোৱাৰ কামনা কৰে মোডীয়ে।কা’ৰ সন্দৰ্ভত তেখেতে কয় কা’ৰ জৰিয়তে কোনো বিদেশী ভাৰতলৈ নাহে।কা’ক লৈ অসমবাসী শংকিত হোৱাৰ প্ৰয়োজন নাই।উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী গৰাকীয়ে অসম ৰত্ন ড০ ভূপেন হাজৰিকাক স্মৰণ কৰি এনেদৰে কয় ভূপেন হাজৰিকাৰে মোৰ অভিন্ন সম্পর্ক আছে,ভূপেন হাজৰিকা গুজৰাটৰ জোঁৱাই।লগতে তেওঁ কয় মা কামাখ্যাৰ আশীৰ্বাদে আমাক বিকাশৰ শীৰ্ষলৈ লৈ যাব।সকলো বিদ্ৰোহী সংগঠনকে মূল সূতিলৈ ঘূৰি অহাৰ আহ্বান জনাই মহাত্মা গান্ধী অমৰ ৰহে ধব্বনিৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাষণ সামৰে।এই বিজয় উৎসৱত ৰাজ্যপাল জগদীশ মুখী,মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল,বিত্ত মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা,বি টি চি প্রধান হাগ্ৰামা মহিলাৰী,এবছুৰ সভাপতি প্ৰমোদ বড়োকে ধৰি বিভিন্ন দল সংগঠনৰ নেতা উপস্থিত থাকে।এই অনুষ্ঠানত শতাধিক বড়ো যুৱতীয়ে বাগৰুম্বা নৃত্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক স্বাগতম জনায়।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud