শংকৰদেৱ কলাক্ষেত্ৰ চৌহদৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ” সংগীত সত্ৰৰ সপ্তম সমাৱৰ্তন “খন ২৩ অক্টোবৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত হৈ যায় । সমাৱৰ্তনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ , সংগীত নাটক অকাডেমি বঁটা প্ৰাপক , সংগীতাচাৰ্য যতীন গোস্বামী , ঘনকান্ত বৰা বৰবায়নকে ধৰি সত্ৰীয়া সংগীত ক্ষেত্ৰখনৰ লগত জড়িত বহু কেইগৰাকী পুৰোধা ব্যক্তি উপস্থিত থাকে । আনহাতে এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তত সংগীত সত্ৰৰ অধীনত থকা ভিন ভিন শিক্ষা প্ৰতিষ্ঠানৰ গুণীন উপাধিধাৰী শিক্ষাৰ্থী সকলক মানপত্ৰ , সম্বৰ্ধনা আৰু স্বীকৃতি প্ৰদান কৰা হয় । অনুষ্ঠানত গুৱাহাটীৰ আমবাৰীস্থিত পটেনচিয়েল এণ্ড কনচেপ্ট একাডেমীৰ একাদশ বর্ষত অধ্যয়নৰত ছাত্ৰী আৰু সত্ৰীয়া গুৰু নাৰায়ণ কলিতাৰ অধীনত শিক্ষা গ্ৰহণ কৰা আকাংক্ষা ভৰদ্বাজক গুণীন উপাধিধাৰী নৰ্তন সকলৰ মাজত বিশেষ স্থান লাভৰ স্বীকৃতি প্ৰদান কৰা হয় । উল্লেখযোগ্য যে আকাংক্ষা গুৱাহাটীৰ এক নং ৱাৰ্ডৰ পাণ্ডু শদিলাপুৰ নিবাসী , বিশ্বজিত বৰ্মন আৰু আল্পনা বৈশ্য বৰ্মনৰ কনিষ্ঠা কন্যা।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা