আমাৰ শিশু ছাত্ৰ-ছাত্ৰীৰ মাজত বন্ধুত্ব-সহৃদয়তাৰ মাধ্যমেৰে গঢ়ি তুলিব লাগিব শিক্ষাৰ ন ন পৰিৱেশ। ওচৰা-ওচৰিকৈ থকা বিদ্যালয় সমূহৰ মাজত আমি এই পৰিৱেশ সৃষ্টি কৰিবলৈ আগবাঢ়িব লাগিব। তেতিয়াহে ছাত্ৰ-ছাত্ৰীৰ পৰস্পৰৰ মাজত শিক্ষাৰ প্ৰকৃত মূল্যায়ন সম্ভৱ হৈ উঠিব। কামৰূপ জিলাৰ ৰামপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ৰামপুৰৰ পাঁচখনকৈ প্ৰাথমিক বিদ্যালয়ৰ মাজত প্ৰথমবাৰৰ বাবে আয়োজন কৰা “বন্ধু বিদ্যালয় আঁচনিৰ ক্ৰিয়া কলাপৰ আজি উদ্বোধনী অনুষ্ঠানৰ বঁটা বিতৰণীৰ ভাষণ প্ৰসঙ্গত ৰামপুৰ শিক্ষাখণ্ডৰ সমল ব্যক্তি তৃপ্তিময়ী তালুকদাৰে এই মন্তব্য কৰে। তালুকদাৰে কন কন ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশত এই কাৰ্যসূচীয়ে এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব বুলি মন্তব্য কৰে। ৰামপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত খিদিৰপুখুৰী কৈৱৰ্তপাৰা প্ৰাথমিক বিদ্যালয়, ৰামপুৰ শিশু প্ৰাথমিক বিদ্যালয়, ৰামপুৰ বালিকা প্ৰাথমিক বিদ্যালয়, জানকী চৌধুৰী প্ৰাথমিক বিদ্যালয় আৰু ৰামপুৰ বালিয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ মাজত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই আঁচনিৰ কাৰ্যসূচী এটা শোভাযাত্ৰাৰে শুভ-উদ্বোধন কৰে দক্ষিণ কামৰূপৰ জ্যেষ্ঠ সাংবাদিক বিমল শৰ্মাই। উদ্বোধনী ভাষনত সাংবাদিক শৰ্মাই প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত শৈক্ষিক-সাংস্কৃতিক-ক্ৰীড়াৰ এক সমন্বয় অনাত আঁচনিখনে যথেষ্ট সহায় কৰিব পাৰিব বুলি মন্তব্য কৰে। পাঁচখনকৈ প্ৰাথমিক বিদ্যালয়ৰ দ্বি-শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ভাগ লোৱা এই কাৰ্যসূচীত আন এগৰাকী খণ্ড সমল ব্যক্তি জেপুলিন দাস, কেন্দ্ৰ সমন্বয়ক কল্পনা মেধি, খিদিৰপুখুৰী কৈৱৰ্তপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃগেন্দ্ৰ কলিতা, ৰামপুৰ শিশু প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপালী কলিতা দাস, বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নৱনীতা ৰাজবংশী, জানকী চৌধুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শেৱালি চৌধুৰী কলিতা, বালিয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমেন চন্দ্ৰ কলিতাকে ধৰি বহুসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, অভিভাৱকসকলৰ একাংশ আৰু স্থানীয় ৰাইজ উপস্থিত আছিল। খিদিৰপুখুৰী কৈৱৰ্তপাৰা প্ৰাথমিক বিদ্যালয়ৰপৰা উলিওৱা শোভাযাত্ৰাটোৰ অন্তত প্ৰসিদ্ধ আৰ্দ্ৰভূমি দৰাবিলৰ বাকৰিত ছাত্ৰ-ছাত্ৰীৰ মাজত পৃথকে পৃথকে দৌৰ খেল অনুষ্ঠিত কৰে। খেলৰ অন্তত বীজয়ী প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয়।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon