প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ উপদেষ্টা, দেশৰ এগৰাকী আগশাৰীৰ কুটনীতিবিদ, প্ৰাক্তন ৰাষ্ট্ৰদূত দীপক ভোহৰা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ নতুনবস্তিস্থিত কুমাৰ ইঞ্জিনিয়াৰিং নামৰ উদ্যোগিক প্ৰতিষ্ঠানটোৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। ১৬ জানুৱাৰীত দীপক ভোহৰাই উদ্যোগিক প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰৱক এক পত্ৰ প্ৰেৰণ কৰি তেওঁ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিব বুলি সন্মতি প্ৰকাশ কৰিছে। পত্ৰখনত পৰিচালন সঞ্চালকৰ অনুৰোধ ৰক্ষা কৰি দায়িত্ব গ্ৰহণ কৰিব বুলি সদৰি কৰি নিয়মীয়াকৈ উদ্যোগিক প্ৰতিষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও সঞ্চালক মণ্ডলী বা বৰ্ড সভাত উপস্থিত থাকিব বুলি পৰিচালন সঞ্চালক কুমাৰ গৌৰৱক আশ্বাস প্ৰদান কৰিছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে দীপক ভোহৰাই কুমাৰ ইঞ্জিনিয়াৰিং চৌহদ পৰিদৰ্শন কৰাৰ লগতে তাত নিৰ্মাণ কৰা ই ৰিক্সাত কুমাৰ গৌৰৱৰ সৈতে চফৰো কৰিছিল।
Trending
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক