বকেয়াসহ কৰ অনাদায়ী বাহনৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত ৫ ফেব্ৰুৱাৰীৰ পঞ্চমদিনাও চলে জোৰদাৰ অভিযান । সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাবধানত বিভাগৰ উচ্চপদস্থ বিষয়াৰ দলে আজি মহানগৰীৰ লালমাটিৰ গেম ভিলেজ, পশ্চিম মালিগাঁও আৰু ৰিহাবাৰীৰ বহু গুৰুত্বপূৰ্ণ অঞ্চলত অভিযান চলাই তন্ন তন্নকৈ যানবাহনৰ নথিপত্ৰ পৰীক্ষা কৰে । অভিযানৰ সময়চোৱাত কৰ অনাদায়ী ব্যক্তিগত মালিকানাধীন যান-বাহনৰ লগতে বিভিন্ন নিৰ্মাণকাৰী সংস্থা আৰু ব্যক্তিগত উদ্যোগ-প্ৰতিষ্ঠানত ৭২খনকৈ ডিমাণ্ড নটিছ প্ৰেৰণ কৰি শীঘ্ৰেই অনাদায়ী কৰ আদায়ৰ বাবে আহ্বান জনায়। উল্লেখ্য যে ৫ ফেব্ৰুৱাৰীত বিভাগৰ কাৰ্যালয়ত ৩০ লাখ টকাৰ কৰ সংগ্ৰহ কৰা হয়। সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে, কৰ আদায় দিবলগীয়া মানে বিপদত পৰা নুবুজায়। প্ৰতিগৰাকী যানবাহনৰ মালিকেই কৰ আদায় দি দেশ তথা ৰাজ্যৰ উন্নয়নলৈ সহযোগিতা আগবঢ়াই আহিছে আৰু এই কথা চৰকাৰীভাৱেও স্বীকৃত । সেয়ে সময়মতে কৰ আদায় দি গৌৰৱবোধ কৰাৰ উপৰি নিজকে এগৰাকী দায়িত্বশীল নাগৰিকৰ পৰিচয় দিয়া উচিত । উল্লেখ্য যে যাৱতীয় কৰ সংগ্ৰহ অভিযানৰ সময়চোৱাত মহানগৰখনত পদচাৰীৰ লগতে সকলো যানবাহন ব্যৱহাৰকাৰীয়ে যাতে পথ সুৰক্ষাৰ নীতি নিৰ্দেশনা মানি চলে তাৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সন্থাৰ সহযোগত আৰু পৰিবহণ বিভাগৰ উদ্যোগত চিকিৎসা মহাবিদ্যালয় চৌহদত এটি পথ-সুৰক্ষা সজাগতা অনুষ্ঠানৰো আয়োজন কৰা বুলি পৰিবহণ বিষয়াগৰাকীয়ে উল্লেখ কৰে ।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা