XOBDO.ORG ভৱিষ্যদৰ্শন ২০২২-২৭” দস্তাবেজৰ ওপৰত আধাৰ কৰি পৰিকল্পনা কৰা প্ৰকল্পবোৰৰ বিষয়ে ১৩ মাৰ্চ তাৰিখে সন্ধিয়া ৭বজাত জুম(Zoom) মাধ্যমত অনুষ্ঠিত কৰ্মশালাত আলোচনা কৰা হয় । ‘শব্দ সংঘ’ৰ প্ৰচাৰ সম্পাদক ড° বুলজিৎ বুঢ়াগোহাঁয়ে আঁত ধৰা কৰ্মশালাখনত বিক্ৰম এম. বৰুৱা আৰু পল্লৱ শইকীয়াই প্ৰকল্পবোৰৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় । লগতে আগ্ৰহী স্বেচ্ছাসেৱক, উদ্যমী লোক, উদ্যোগী, গৱেষক, কৰ্মচাৰী আৰু আৰ্থিক পৃষ্ঠপোষক চিনাক্ত কৰাৰ অৰ্থে প্ৰস্তুত কৰা প্ৰশ্নাৱলী ৰাইজলৈ আগবঢ়ায় । এই কৰ্মশালাৰ আলোচনাটো ‘শব্দ সংঘ’ৰ ইউটিউব চেনেল (https://www.youtube.com/user/xobdotv/videos)ত আগ্রহীসকলে চাব পাৰিব । এই কৰ্মশালাত দেৱজিৎ ভৰালী, অঞ্জনা বৰদলৈ, তাৰা ভূঞা , পংকজ কুমাৰ দত্ত , সমাদৃতা গোস্বামী, দিব্যজ্যোতি বৰগোহাঁই, ড° পুণ্য লতা গোহাঁই, প্রশান্ত বৰা আদিয়ে গঠনমূলক পৰামৰ্শ আগবঢ়ায় ।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা