দক্ষিণ কামৰূপৰ বিজয়নগৰস্থিত সৰস্বতী পাব্লিক একাডেমী নামৰ বিদ্যালয়খনত আজি ‘ধৰিত্ৰী দিৱস’ উদযাপন কৰা হয়। পশ্চিম কামৰূপ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া ডিম্পী বৰা উপস্থিত থাকি বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সনেশ্বৰী ঠাকুৰীয়া, ৰত্নেশ্বৰ ঠাকুৰীয়া, অনু ঠাকুৰীয়া আদিকে ধৰি কেবাগৰাকীও ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে। বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণৰ পিছত অনুষ্ঠিত হোৱা সভাত ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰচনা আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ ছাত্ৰীৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয়। অধ্যক্ষ ভূৱন দাস, শিক্ষক তথা কামৰূপীয়া লোককৃষ্টিৰ গুৰু সুকুমাৰ মেধী, পৰিচালনা সমিতিৰ সভাপতি সতীশ মজুমদাৰ, সম্পাদক নীৰেন দাস আদিকে ধৰি ভালেসংখ্যক অভিভাৱক উপস্থিত থাকে।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা