দক্ষিণ কামৰূপৰ বিজয়নগৰস্থিত সৰস্বতী পাব্লিক একাডেমী নামৰ বিদ্যালয়খনত আজি ‘ধৰিত্ৰী দিৱস’ উদযাপন কৰা হয়। পশ্চিম কামৰূপ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া ডিম্পী বৰা উপস্থিত থাকি বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সনেশ্বৰী ঠাকুৰীয়া, ৰত্নেশ্বৰ ঠাকুৰীয়া, অনু ঠাকুৰীয়া আদিকে ধৰি কেবাগৰাকীও ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে। বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণৰ পিছত অনুষ্ঠিত হোৱা সভাত ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰচনা আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ ছাত্ৰীৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয়। অধ্যক্ষ ভূৱন দাস, শিক্ষক তথা কামৰূপীয়া লোককৃষ্টিৰ গুৰু সুকুমাৰ মেধী, পৰিচালনা সমিতিৰ সভাপতি সতীশ মজুমদাৰ, সম্পাদক নীৰেন দাস আদিকে ধৰি ভালেসংখ্যক অভিভাৱক উপস্থিত থাকে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন