পলাশবাৰীৰ ৰাজাপুখুৰীৰ নাথপাৰা সংলগ্ন ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত “ৰ’দ-কাঁচিয়লী চুইটছ” নামেৰে এখন উন্নত মানৰ মিঠাইৰ দোকান কালি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ৰ’দ-কাঁচিয়লী চুইটছৰ স্বত্বাধিকাৰী গগণ চন্দ্ৰ নাথৰ এই নতুন মিঠাইৰ দোকানখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামীয়ে। দ্বাৰ উদ্বোধনৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰবিষয়া ধ্ৰুৱজ্যোতি পাঠকে। অনুষ্ঠানত গোৱাৰপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, (সীমান্ত)ৰ পাহাৰী কোঁৱৰ, নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কাকতি, ৰাজাপুখুৰী ৰাইজ গয়ৰহৰ সভাপতি ড০ ধীৰেন্দ্ৰ মোহন কুমাৰ, উত্তম চন্দ্ৰ নাথ, সাংবাদিক বিমল শৰ্মা, ধৰ্মেন্দ্ৰ দাস, হীতেন মালী, জিতুমণি দাস, ৰাজাপুখুৰী- বাঢ়ন্তি-ৰঙামাটি গাঁও পঞ্চায়তৰ সভানেত্ৰী জুনু ঠাকুৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অঞ্জন গোস্বামী, অসম জাতীয় পৰিষদৰ নেতা পংকজ লোচন গোস্বামী প্ৰমুখ্যে সমাজৰ বিভিন্ন স্থানৰ নেতৃস্থানীয় লোকে অংশগ্ৰহণ কৰি উদ্যোগী যুৱক গগণ চন্দ্ৰ নাথক এনে প্ৰচেষ্টাক শলাগ লয়।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল