অসম চৰকাৰৰ কৃষি বিভাগৰ এপাৰ্ট প্ৰকল্পৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্রান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ চৌহদত ৫ আৰু ৬ আগষ্টত কৃষিকার্যত যান্ত্ৰিকীকৰণ বিষয়ক এক দুদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায় । শিবিৰ উদ্বোধন কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ড০ ধীৰেন্দ্ৰ নাথ কলিতাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আই চি এআৰ সঞ্চালক ড০ ৰাজেশ কুমাৰ। শিবিৰত বিভিন্ন অঞ্চলৰ নিৰ্বাচিত ১৮ জন কৃষকে অংশ গ্ৰহণ কৰে। শিবিৰত সমল ব্যক্তি হিচাপে এপাৰ্ট প্ৰকল্পৰ সহযোগী ড০ মুনমী বৰা, আই.চি.আৰ.আৰ.আইৰ বিশেষজ্ঞ ড০ ৰোহিত নামদেওৱে উপস্থিত থাকি কম্বাইন হাৰ্ভেষ্টাৰ আৰু ৰিপাৰৰ বিষয়ে বিষদভাৱে ব্যাখ্যা আগবঢ়াই আৰু ইয়াৰ দ্বাৰা কৃষক সকল কিদৰে উপকৃত হব তাক প্ৰদৰ্শন কৰে। তেনেদৰে কম্বাইন হাৰ্ভেষ্টাৰ আৰু ৰিপাৰৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে এপাৰ্ট প্ৰকল্পৰ সহকাৰী বিষয়া দিবাকৰ মেহদি আৰু কাৰিকৰী সহায়ক অনন্ত গগৈয়ে।
Trending
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন