ভাৰতীয় নেপথ্য কন্ঠশিল্পী ঊষা মংগেশকাৰলৈ আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ ড° ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা ২০২২। এই বঁটাত আছে ৫ লাখ টকা,এখন স্মাৰক,অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা।গুৱাহাটীৰ নেডফি হাউছৰ প্ৰেক্ষাগৃহত অহা ২২ নবেম্বৰত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এই বঁটা প্ৰদান কৰিব। অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াৰ নেতৃত্বত অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান।উল্লেখযোগ্য যে আজি অসম সাহিত্য সভাৰ গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণি সভাকক্ষত সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই এখন সংবাদ মেলত এই কথা সদৰি কৰে৷প্ৰত্যেক দুবছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰি অহা হৈছে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি