ৰাজ্যৰ প্ৰধান আঞ্চলিক দল সন্মিলিত গনশক্তি অসমৰ উদ্যোগত ভাতৃ সংগঠন সন্মিলিত শ্ৰমিক শক্তি অসমৰ সহযোগত অহা ১ মে’ত আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষত এখন শ্ৰমিক অভিবৰ্তন অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ধেমাজি জিলাৰ গোগামুখৰ আবুটানি লত্তাত অনুষ্ঠিতব্য এই শ্ৰমিক অভিবৰ্তনত শ্ৰমজীৱী শ্ৰমিক সকলৰ নাৰ্য প্ৰাপ্য অধিকাৰ সম্পৰ্কে সাৰ্বজনীন সজাগতা সৃষ্টি কৰি সুসংগঠিত আৰু সংঘবদ্ধ এক শ্ৰমিক সংগ্ৰাম গঢ়ি তোলাৰ লক্ষ্যৰে এই শ্ৰমিক অভিবৰ্তন অনুষ্ঠিত কৰা বুলি জানিবলৈ দিছে গনশক্তি অসম দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পুৰুষোত্তম দলেয়ে । বুধবাৰে এক বিবৃত্তিত দলেয়ে শ্ৰমিক আইন আৰু এই আইনে শ্ৰমিক সকলক প্ৰদান কৰা সাংবিধানিক সা সুবিধা তথা অধিকাৰ সন্দৰ্ভত শ্ৰমিক আৰু শ্ৰমিক সংগঠন সমূহক জ্ঞাত কৰিবলৈ এই অভিবৰ্তনত শ্ৰমিক আইন আৰু শ্রমিকৰ অধিকাৰ শীর্ষক এখন মনোজ্ঞ আলোচনাচক্ৰ অনুষ্ঠিত হব বুলি জনাইছে । আলোচনাচক্ৰত কেইবা গৰাকী শ্ৰমিক আইন বিশেষজ্ঞ , অভিজ্ঞ জ্যেষ্ঠ শ্ৰম বিশেষজ্ঞ,জ্যেষ্ঠ শ্ৰমিক নেতা আৰু শ্ৰম বিভাগৰ ন্যায়িক দিশৰ লগত জড়িত বিশেষজ্ঞ আদি ব্যক্তিয়ে অভিবৰ্তনত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰিব বুলি অৱগত কৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ সন্মিলিত শ্ৰমিক শক্তি অসমৰ খণ্ড শক্তি সমূহৰ পৰা নূন্যতম ১০ গৰাকীকৈ প্ৰতিনিধি আৰু ধেমাজি জিলাৰ ১২ টা অগ্ৰণী শ্ৰমিক সংগঠনৰ সমূহ কৰ্মকৰ্তাই সক্ৰিয় ভাবে অভিবৰ্তনত অংশ গ্ৰহণ কৰিব বুলি জানিবলৈ দি শুভাকাংক্ষী ৰাইজ আৰু সংগঠন সমূহৰ উপস্থিতিৰে অভিবৰ্তনখন সৰ্বতো প্ৰকাৰে সাফল্য মণ্ডিত কৰি তোলাৰ বাবে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দলেয়ে সকলোলৈকে আহ্বান জনাইছে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন