ক্ৰমে যুদ্ধৰ দিশলৈ গতি কৰিছে ভাৰত আৰু পাকিস্তানৰ পৰিবেশ। কাশ্মীৰৰ পেহেলগামত ২২ এপ্ৰিলত দিন দুপৰতে পাকিস্তানৰ উগ্রবাদীয়ে ২৭ জন পৰ্যটকক হত্যা কৰিছিল। তাৰ পাছৰে পৰা বিগত দুটা সপ্তাহ ধৰি যুদ্ধসদৃশ পৰিস্থিতি বিৰাজ কৰিছে দুয়োখন পাৰমাণবিক শক্তিধৰ দেশ দুখনৰ মাজত। ইফালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সেনা বাহিনীক পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ পূৰ্ণ কর্তৃত্ব প্রদান কৰিছে। ইফালে যুদ্ধ আৰম্ভ হ’লে সাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তি কিদৰে ৰক্ষা কৰিব লাগিব তাৰ বাবে ভাৰত চৰকাৰে গৃহ মন্ত্রালয়ে ৫ মে’ত দেশৰ সকলো ৰাজ্য কেন্দ্রীয় শাসিত অঞ্চলসমূহলৈ বিশেষ নির্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনা অনুসৰি দেশৰ আন ৰাজ্যৰ লগতে অসমতো ২০টা ঠাইত বিদেশী ৰাষ্ট্ৰৰ যিকোনো আক্ৰমণৰ পৰা নাগৰিকক সুৰক্ষাৰ বাবে যিকোনো বিশেষ প্রস্তুতিৰ অনুশীলন চলোৱা হ’ব। অসম চৰকাৰৰ আৰক্ষী বাহিনীৰ অধীনত থকা অসামৰিক প্ৰতিৰক্ষাৰ অধীনত ৰাজ্যৰ সবাতকৈ অতি স্পৰ্শকাতৰ অঞ্চল হিচাপে পৰিচিত ৰাজধানী দিশপুৰৰ উপৰি বঙাইগাঁও ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া তেজপুৰ, ডিগবৈ, দুলীয়াজান, ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ লখিমপুৰ আৰু নুমলিগড়ত ৭ মে’ত এই সর্তকতাৰ অনুশীলনত বা মক-ডীল অনুষ্ঠিত হ’ব। এই ১৬টা ঠাইত গৃহ মন্ত্রালয়ে ‘২’ কেটেগৰীত ৰাখিছে একেদৰে ‘৩’ কেটেগৰীত ৰখা চাৰিটা স্থান ক্রমে কোকৰাঝাৰ কাৰ্বি আংলং, গোলাঘাট আৰু দৰঙতো এই সতর্কতাৰ অনুশীলন অনুষ্ঠিত হ’ব। এই অনুশীলনত বিমান বা আকাশী আক্রমনৰ ঘটনা সংঘটিত হ’লে ছ’ইৰেন ব্যৱস্থাৰে নাগৰিকক সজাগ কৰা আৰু সেই আক্ৰমণৰ অসমত সাধাৰণ নাগৰিকত্ব জীৱনত সুৰক্ষাৰ বাবে ল’বলগীয়া ব্যৱস্থা অন্ধকাৰজনিত পৰিস্থিতি বা ব্লেক আউট হ’লে নাগৰিকক কিদৰে সুৰক্ষিত কৰা হ’ব তাৰ অনুশীলন কৰা হ’ব। জানিব পৰা মতে চাৰিফালে বিদেশী ৰাষ্ট্ৰৰে আৱৰি থকা অসম সহ উত্তৰ পূবৰ ৰাজ্য কেইখনৰ নাগৰিকৰ নিৰাপত্তাৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰে অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। যাৰ বাবে অসমৰ ২০টাকৈ গুৰুত্বপূৰ্ণ সতর্কতাৰ অনুশীলন কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে নিৰ্দেশনা জাৰি কৰিছে।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন