নাগৰিকত্ব সংশোধনী়ৰ বিধেয়কক বিৰোধিতা কৰি আজি অসম গণ পৰিষদে এক সমাৱেশ অনুষ্ঠিত কৰে।লতাশিল পথাৰত অনুষ্ঠিত হোৱা সমাৱেশ অসম চুক্তি ৰূপায়নৰ সম্পৰ্কত অতুল বৰাই কয় যে সৰ্বভাৰতীয় পৰ্য্যায়ৰ ওপৰত আমাৰ আস্থা নাই।ৰাজনীতিৰ উৰ্দ্ধত থাকি এই যুঁজ দিব লাগিব ।নহ’লে জাতিটো সুৰক্ষিত নহ’ব ।বিদেশী সকলে অসমখনক সংকুচিত কৰি তুলিছে।ইয়াত ৮৫৫ জন শ্বহীদৰ বলিদান নিহিত হৈ আছে।আনহাতে বিশিষ্ট সাংবাদিক মাইনী মহন্তই কয় যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ।ধৰ্ম নিৰপেক্ষ দেশত মানৱতাবাদ দৃষ্টিকোণেৰে ব্যৱস্থা ল’ব লাগে।চৰকাৰে ৰাম ৰাজ্যৰ কথা কয়, যদি ৰাম ৰাজ্যই হয় ৰামে প্ৰজাৰ সুখৰ বাবে সকলো কৰিছিল, কিন্তু এই ক্ষেত্ৰত তেওঁলোক বিপৰীত কিয়! সমাৱেশত প্ৰফুল্ল কুমাৰ মহন্ত, অদীপ ফুকন, কেশৱ মহন্ত আদি কৰি বহুকেইজন বিষয়ববীয়াই অংশগ্ৰহণ কৰে।সমাৱেশত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন জনে অংশগ্ৰহণ কৰে।অংশগ্ৰহণকাৰী সকলৰ একাংশই এন ই ফ’কাচ ডট কমৰ আগত এনেদৰে প্ৰকাশ কৰে-কোনো দলৰ স্বাৰ্থত আমি ইয়ালৈ অহা নাই।অসমীয়া জাতিৰ স্বাৰ্থত একত্ৰিত হৈছো।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন