আলি আই লৃগাং মিচিংসকলৰ এক মাত্ৰ কৃষিভিত্তিক উৎসৱ ।তেওঁলোকে ফাগুনৰ প্ৰথমটো বুধবাৰৰ দিনটো শস্য বা গুটি সিঁচাৰ পবিত্ৰ দিন হিচাপে গণ্য কৰে ।সেয়ে প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটো এই উৎসৱ পালন কৰা হয় ।আলি আই লৃগাঙৰ অৰ্থ হ’ল আলি মানে আলু অৰ্থাৎ মাটিৰ তলত হোৱা কাঠআলু,কচু,হালধি আদি; ‘আঃয়ে’ মানে মাটিৰ ওপৰত হোৱা গুটি বা ফল ধান,কঠাল,আম আদি লৃগাং মানে শস্য সিঁচাৰ আৰম্ভণি ।খেতিপথাৰত আগতীয়াকৈ হাল বাই চহাই প্ৰস্তুত কৰি ৰখা হয়।লৃগাঙৰ দিনা প্ৰতি ঘৰৰ মুৰব্বীজনে ৰাতিপুৱা পথাৰলৈ গৈ আগতে ঠিক কৰি ৰখা মাটিডৰাৰ এচুকত কোৰাই লৈ শস্য বা বীজ সিঁচা হয় ।শস্য সিঁচাৰ চাৰিওপিনে মেগেলা (পিঃৰ)ৰে বেৰাই দি ইষ্টদেৱতা চন্দ্ৰ,সূৰ্য্যক সাক্ষী কৰি পূৰ্বপুৰুষ সকলকো স্মৰণ কৰি মাংগলিক কাৰ্য্য সমাপন কৰি ঘৰলৈ ঘূৰি আহে।ঘৰত আহি দা,কোৰবোৰ তৰা পাতেৰে বান্ধি প্ৰথমে চাকি উলিওৱা ছাঁইমদ (পঃৰ আপং )ঢালি পূৰ্বপুৰুষ সকলক স্মৰণ কৰি অধিক শস্য ফচলৰ কামনা কৰে।ঠিক সেইদৰেই জুঁইশালতো ছাইমদ ঢালি মাংগলিক কাৰ্য্য কৰা হয়। তাৰ পাছতে ছাইমদৰ লগত পুৰাং আপিন (তৰা পাতেৰে বনোৱা পিঠা),মাছ,মাংস আদিক লৈ ওচৰ চুবুৰীয়াসকলকো নিমন্ত্ৰণ কৰি ভোজভাত খোৱা হয় ।সন্ধিয়া হোৱাৰ লগে লগেই গাঁৱৰ কণ,কণ লৰাবোৰে প্ৰতি ঘৰে ঘৰে গৈ ভোজভাত খাই ঘৰখনৰ বাবে আৰ্শীবাদ দি কয় যে পথাৰত যি শস্য এমুঠি সিঁচা হৈছে এমুঠিত শমুঠি হ’ব লাগে আৰু চৰাই চিৰিকতি,পোক পৰুৱাই কোনো অনিষ্ট সাধন কৰিব নালাগে ।”গাৱৰ ডেকা গাভৰুবোৰে ওৰে ৰাতি গুমৰাগ নৃত্য কৰি আনন্দ-উপভোগ কৰে ।গুমৰাগ নৃত্যৰো বিশেষত্ব আছে এই সময়ত বসুমতী আয়ে নিদ্ৰাত মগ্ন হৈ পৰে ।তেতিয়া গুমৰাগ নৃত্যৰ ভৰিৰ মৃদু আঘাতৰ জড়িয়তে বসুমতী আইক জগাই তুলাই হয় ,পথাৰত যি শস্য এমুঠি সিঁচা হৈছে তাক গৰ্ভত ধাৰণ কৰি উৎপাদন বৃদ্ধি কৰিব লাগে ।গুমৰাগ নৃত্যত এবিধ বৰ কাঁহ বজোৱা হয়,ইয়াৰ অৰ্থ ওপৰৰ মেঘক আহ্বান কৰা হয় যাতে পৃথিৱীলৈ বৰষুণ আনি শস্যৰ বীজবোৰ সোনকালে অংকুৰিত কৰে ।আলি আই লৃগাং উৎসৱ সাতদিন ধৰি পালন কৰে ।সেই সময়ৰ ভিতৰত কিছুমান খাদ্যসামগ্ৰী মজুত ৰাখিব লাগে ।ডেকা-গাভৰুসকলে নৃত্য-গীত কৰি পোৱা ধনবোৰ বিহুৰ পাছত ভোজভাত খাই আনন্দ ফুৰ্ত্তি কৰি আলি আই লৃগাংক বিদায় দিয়ে ।সমূহীয়াকৈ ভোজভাতৰ আয়োজন কৰে ।যুগুতালে জ্যোতিষ কুমাৰ পাতিৰে..
Trending
- গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ