আজি উৰুকা, মাঘ বিহুৰ উৰুকাৰ সন্ধ্যাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰে। কাৰণ মাঘ বিহুৰ উৰুকা সন্ধ্যাৰ লগত বহু পৰম্পৰা, লৌকিক বিশ্বাস জড়িত হৈ আছে। জয় ধ্বনি উচ্চাৰণ কৰি মেজিৰ ধাই খুটা পোতাৰ পৰা আৰম্ভ কৰি শ্ৰীবৃদ্ধি কামনা কৰি লাগনি গছ বন্ধালৈকে বহু পৰম্পৰা জড়িত হৈ আছে। বিশ্বায়নৰ ধামখুমীয়া পৰিবেশে আমাক আধুনিক কৰি তুলিলেও জাতীয় সত্বা ৰক্ষাৰ বাবে সকলোৱে সজাগ সচেতন হোৱাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগ। ঠাই বিশেষে মেজি জ্বলোৱা ৰীতি ভিন্ন হ’লেও দেশৰ বিভিন্ন প্ৰান্তত থকা অসমীয়াসকলে কৃত্ৰিম ভাবে হ’লেও মেজি প্ৰস্তুত কৰি জুইৰ উম লয়। পৰম্পৰা সংস্কৃতি ৰক্ষা কৰা প্ৰতিজন স্বদেশ প্ৰেমীক এইচেগতে ধন্যবাদ জনাই আগবঢ়াইছো অসমৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া শিল্পীয়ে প্ৰস্তুত কৰা কিছু ভেলাঘৰৰ ফটো। আহকচোন এপলক দৃষ্টি দিওঁ।
Trending
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত