ব’ন মেৰো বা মেৰুদণ্ডৰ মজ্জা সংৰোপন হৈছে বহু জীৱন বিনাশী ৰোগৰ জন্ম দিব পৰা বিভিন্ন কৰ্কট ৰোগ আৰু অনা কৰ্কট ৰোগৰ সমস্যাৰ সাম্ভাব্য প্ৰতিকাৰ বিকল্প প্ৰদান কৰা এক অনবদ্য চিকিৎসা। লিউক’মিয়া বা তেজৰ কৰ্কট ৰোগ, তেজৰ বিভিন্ন ৰোগ যেনে থেলাছেমিয়া, জেনেটিক বিকাৰ যেনে ইমিউন’ডেফিচিয়েন্সি আদিৰ দৰে জীৱন বিনাশী ৰোগ এই ৰাজহাড়ৰ মজ্জা সংৰোপনেৰে প্ৰতিকাৰ কৰিব পাৰে। উল্লেখ্য যে এইধৰণৰ বিভিন্ন ৰোগত আক্ৰান্ত অসমৰ ৩০ গৰাকীৰো অধিক শিশুক এনেদৰে ৰাজহাড়ৰ মজ্জা সংৰোপনেৰে নতুন জীৱন প্ৰদান কৰিছে বাঙ্গালোৰৰ নাৰায়ণা হেল্থ চিটিৰ মজুমদাৰ শ্ব কেন্সাৰ চেণ্টাৰৰ অঙ্ক’ল’জী আৰু বোন মেৰো ট্ৰান্সপ্লাণ্টেশ্যন, পেডিয়েট্ৰিক হেমাট’ল’জী বিভাগৰ সঞ্চালক তথা মুৰব্বী চিকিৎসক ডাঃ সুনীল ভাটে। আজি গুৱাহাটী টাউন ক্লাৱ প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদমেল সম্বোধন কৰি চিকিৎসকগৰাকীয়ে এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে।উল্লেখযোগ্য যে অসমৰ এইসকল শিশুৰ অধিকাংশই থেলাছেমিয়া ৰোগত আক্ৰান্ত আছিল। থেলাছেমিয়া হৈছে এনে এবিধ ৰোগ যিটো ৰোগত দেহত লোহিত ৰক্ত কণাৰ উৎপাদন কমি যায় আৰু এই কণাবোৰ নষ্ট হোৱাৰ পৰিমাণ বৃদ্ধি পায়। এই ৰোগৰ চিকিৎসা অবিহনে ৯০ শতাংশতকৈ অধিক ৰোগী দুবছৰৰ ভিতৰত মৃত্যুমুখত পৰে। এনে ৰোগীসকলক গোটেই জীৱনজুৰি প্ৰতি তিনি সপ্তাহ বা চাৰি সপ্তাহৰ মূৰে মূৰে দেহৰ তেজ সলনি কৰিবলগীয়া হয়। এটা সময়ৰ পিছত দেহত বাৰম্বাৰ তেজ সলনি কৰাৰ ফলশ্ৰুতিত তেজত লৌহ উপাদানৰ পৰিমাণ প্ৰয়োজনাধিক হৈ পৰিব পাৰে, যিয়ে যকৃত আৰু হৃদযন্ত্ৰক আক্ৰমণ কৰাৰ লগতে মৃত্যুৰ কাৰণো হৈ পৰিব পাৰে।আজি অনুষ্ঠিত সংবাদমেল সম্বোধন কৰি ডাঃ সুনীল ভাটে কয়, “ৰাজহাড়ৰ মজ্জা সংৰোপনেই হৈছে উচ্চ শংকাপূৰ্ণ লিউকেমিয়া, থেলাছেমিয়া, ইমিউনোডেফিচিয়েন্সিৰ লেখীয়া জীৱন বিনাশী ৰোগৰ একমাত্ৰ সাম্ভাৱ্য চিকিৎসা পদ্ধতি। বিগত ৩ বছৰত অসম চৰকাৰৰ নেৰানেপেৰা সহযোগিতাৰ যোগেদি আমি ৩০ গৰাকীতকৈও অধিক শিশুক এনেধৰণৰ জীৱন বিনাশী ৰোগৰ পৰা আৰোগ্য লাভ কৰাবলৈ সক্ষম হৈছো। উল্লেখ্য যে সংৰোপনসমূহ সাধাৰণতে সম্পৰ্কীয় দাতা (ভাতৃ-ভগ্নী), পৰিয়ালৰ বাহিৰৰ লোক যাৰ ৰক্তকণাৰ মিল থাকে, হাপ্লো-আইডেণ্টিকেল ড’নাৰ (পিতৃমাতৃ)ৰ ভিতৰতে হ’ব লাগে।ইফালে আজিৰ সংবাদমেলত উপস্থিত থকা এগৰাকী শিশুৰ অভিভাৱকে কয়, “মোৰ পুত্ৰক এক নতুন জীৱন প্ৰদান কৰাৰ উপৰিও এই ভয়ানক ৰোগৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে বাঙ্গালোৰৰ নাৰায়ণা হেল্থ চিটিত থকা বোন মেৰো ট্ৰান্সপ্লাণ্টেশ্যন গোটৰ সমগ্ৰ দলটো আৰু ডাঃ সুনীল ভাটৰ প্ৰতি মই চিৰকৃতজ্ঞ হৈ ৰ’ম। ইয়াৰ পূৰ্বে মই প্ৰতি ৩-৪ সপ্তাহৰ মূৰে মূৰে মোৰ ল’ৰাটিৰ তেজ সলনি কৰিবলগীয়া হৈছিল, কিন্তু এই অত্যাধুনিক প্ৰযুক্তি আৰু চিকিৎসাৰ যোগেদি এই ৰাজহাড়ৰ মজ্জা সংৰোপন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত এতিয়া সি সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে। মোৰ কন্যাই তাইৰ নিজৰ ৰাজহাড়ৰ মজ্জা প্ৰদান কৰি মোৰ পুত্ৰৰ থেলাছেমিয়া ৰোগ নিৰ্মূল কৰি তোলাৰ বাবে তাইৰ ওচৰতো মই চিৰকৃতজ্ঞ হৈ ৰ’ম।উল্লেখ্য যে বাঙ্গালোৰৰ নাৰায়ণা হেল্থ চিটিৰ মজুমদাৰ শ্ব কেন্সাৰ চেণ্টাৰ হৈছে ভাৰতৰ সৰ্ববৃহৎ বোন মেৰো ট্ৰান্সপ্লাণ্ট কেন্দ্ৰসমূহৰ ভিতৰত অন্যতম আৰু এই কেন্দ্ৰটোৱে এইপৰ্যন্ত ১২০০ ৰো অধিক ৰাজহাড়ৰ মজ্জা সংৰোপন কৰিছে।
Trending
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী
- তামুলপুৰত দুৰ্গাপূজা সন্দৰ্ভত সভা-কাৰ্বন নিউট্ৰেল দুৰ্গাপূজাত প্ৰশাসনৰ গুৰুত্ব
- এইচডিএফচি বেংকে ১০,০০০ৰো অধিক অফাৰৰ সৈতে ইয়াৰ বাৰ্ষিক শ্বপিং বোনান্জা — ফেষ্টিভ ট্ৰিটছ ২০২৫ আৰম্ভ কৰিছে