কৃষিপাম আৰু পশুপালন খণ্ডৰ প্ৰতি যুৱ চামক অধিক আকৰ্ষিত কৰা পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি খানাপাৰাৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ বিষয়ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ আঁচনিৰ অধীনত পশুধনৰ চবকা আৰু ব্ৰুছেল চিছ ৰোগৰ প্ৰথম পৰ্যায়ত প্ৰতিষেধক প্ৰদান অভিযানৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে । উল্লেখ্য যে ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ আচনীখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ বৰ্ষৰ ছেপ্টেম্বৰ মাহত শুভ উদ্বোধন কৰিছিল।এই আঁচনিৰ জড়িয়তে গৰু,ম’হ ,ভেৰা ,ছাগলী আৰু গাহৰিৰ লেখীয়া পশুধনসমূহক চবকা আৰু ব্ৰুছেলচিছ নামৰ দুবিধ মাৰাত্মক ৰোগৰ প্ৰতিষেধক প্ৰদানেৰে ২০২৫ চনৰ ভিতৰত এই দুবিধ ৰোগ নিয়ন্ত্ৰণ তথা ২০৩০ চনৰ ভিতৰত এইৰোগ সম্পূৰ্নৰূপে নিৰ্মূল কৰাৰ লক্ষ্য লোৱা হৈছে।এই কাৰ্যসূচী জৰিয়তে ৫০০ মিলিয়ন পশুধনক চৰকাৰ প্ৰতিষেধক আৰু ৩৬ মিলিয়ন পশুধনক ব্ৰুছেলচিছ ৰোগৰ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে।

 

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত পশুপালক সকলক উৎসাহিত কৰাৰ দিশত পশুপালন আৰু পশুচিকিৎসা বিভাগৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।যাতে পশুপালক সকলে এই খণ্ডই বহন কৰা সম্ভাৱনীয়তাখিনি পূৰ্ণ প্ৰয়োগেৰে ৰাজ্য গ্রাম্যঞ্চলৰ অৰ্থনীতি টনকিয়াল কৰাৰ দিশত বিশেষ ভূমিকা পালন কৰিব পাৰে।মুখ্যমন্ত্ৰীয়ে পশুচিকিৎসা তথা বিভাগৰ অন্যান্য বিষয়ববীয়া সকলক তেওঁলোকৰ চাকৰিক কেৱল সাধাৰণ চৰকাৰী চাকৰি হিচাপে গণ্য নকৰি পশুপালক সকলক নিয়মীয়াকৈ সাক্ষাৎ কৰি তেওঁলোকক প্ৰত্যাহ্বান তথা সমস্যাসমূহ নিৰাময়ৰ দিশত হাতে কামে অৱতীৰ্ণ হোৱাৰ বাবে আহ্বান জনায়।

 

 

ভিয়েটনামৰ লেখীয়া সৰু দেশ এখনে কৃষিজাত সামগ্ৰী আৰু পশুধনৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ মূল্য সংযোজনেৰে কেইবা মিলিয়াম ডলাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্য খনৰ পশুধন তথা হাঁহ কুকুৰা ইত্যাদি লেখীয়া সামগ্ৰীৰ দিশত আত্মনিৰশীল হোৱাৰ বাবে পশুধন বিভাগৰ বিষয়াসকলক ঐক্লান্তিকতা তথা নিষ্ঠা সহকাৰে কৰ্মত ব্ৰতী হোৱাৰ বাবে আহ্বান জনায়।পশুধনৰ দ্বাৰা উৎপাদিত সামগ্ৰী যাতে দেশৰ অন্যান্য ৰাজ্য তথা ৰাষ্ট্ৰলৈ ৰপ্তানি কৰিব পৰা যায় সেই দিশত পশুপালক সকলক উপযুক্ত সহায়ৰ হাত আগবঢ়োৱা বাবেও আহ্বান জনায়।

 

 

ৰাজ্য খনৰ কৃষকৰ উৎপাদিত সামগ্ৰী বৰ্তমান ডুবাই,আবুধাৱী ,চিংগাপুৰ, হংকং ইত্যাদি দৰে ৰাজ্যলৈ ৰপ্তানি হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ যুৱ চামক কৃষি তথা ইয়াৰ আনুষংগিক খণ্ডক এক মৰ্যাদা সম্পন্ন বৃত্তি হিচাপে গ্ৰহণ কৰাৰ দিশত অনুপ্ৰাণিত কৰাৰ বাবেও আহ্বান জনায়।

 

 

উৎপাদন বৃদ্ধিৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি প্ৰয়োগৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ভিতৰত দেশৰ কৃষকৰ আয় দুগুনলৈ বৃদ্ধি কৰাৰ বাবে লোৱা লক্ষ্য পুৰণৰ দিশত সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰেও কৃষি তথা ইয়াৰ অনুষাংগিক খণ্ডত লোৱা সবল পদক্ষেপ সমূহৰ বিষয়েও ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।এই দিশত মুখ্যমন্ত্ৰীয়ে কৃষি যান্ত্ৰিকীকৰণৰ সুবিধা হোৱাকৈ ৰাজ্য খনৰ ২৬ হাজাৰখন গাঁৱলৈ গ্ৰাম্য উন্নয়ন যোজনা জৰিয়তে টেক্টৰ বিতৰণৰ কথাও উল্লেখ কৰে।পশুধনৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ ৰপ্তানিৰ দিশত ৰাজ্যখনৰ বিশেষ সম্ভাৱনীয়তা বহন কৰিছে বুলি উল্লেখ কৰি বজাৰত ইয়াৰ চাহিদা তথা যোগানৰ এম ফলপ্ৰসু জৰীপ কাৰ্য চলোৱা ওপৰতো গুৰুত্ব আৰোপ কৰে।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

জাতীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত

সদৌ অসম জাতীয় সাংস্কৃতিক ঐক্য মঞ্চই ৩০ নৱেম্বৰত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত দিনজোৰা কাৰ্যসূচীৰে জাতীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰে।দিনৰ ১১ বজাৰ পৰা নিশা ৮ বজা পৰ্যন্ত ভিন্ন জাতি,জনগোষ্ঠীৰ কৃষ্টিৰ বিচিত্ৰ অনুষ্ঠান পৰিবেশিত হোৱা এই সমাৰোহৰ আঁৰত আছে জাতীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি,আঁচনি প্ৰণেতা তথা গৱেষক শিল্পী ভাগ্যজ্যোতি শইকীয়া।

 

বন্তি প্ৰজ্বলন আৰু মঞ্চ উদ্বোধনেৰে আৰম্ভ হ’ব লগা সাংস্কৃতিক সমাৰোহখনত অসমৰ বিভিন্ন প্ৰান্তৰ লোকশিল্পী সকলে  বৰগীত, জিকিৰ, কামৰূপীয়া,গোৱালপৰীয়া, লোকগীত,জ্যোতি-বিষ্ণুপ্ৰসাদ, ভূপেন্দ্ৰ সংগীত, ভিন্নৰঙী জনজাতীয় অনুষ্ঠান পৰিবেশন কৰে।তদুপৰি সত্ৰীয়া তথা শংকৰী নৃত্য,বিয়ানাম,নাগাৰানাম , চৈতলী নাম, দেওধনী নৃত্য,ওজাপালি,দেওধা, কামৰূপী ঢুলীয়া,ভোৰতাল নৃত্য,বৰদৈসিখলা, বিহু নৃত্যানুষ্ঠান আদিৰ লগতে লগতে সমাৰোহৰ এটি বিশেষ কাব্যনুষ্ঠান অনুষ্ঠিত হয়।সমাৰোহখনত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পাঁচদিনীয়া মৌপালন প্ৰশিক্ষণৰ সামৰণি

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপে শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলে বৈজ্ঞানীক পদ্ধতিৰে মৌ পালন কৰি যাতে স্বাৱলম্বী হ’ব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ অংশহিচাপে কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ২৫ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰৰলৈ কামৰূপ জিলাৰ হাজোঁৰ শিলগুৰী গাওঁত পাঁচদিনীয়াকৈ এক মৌ পালনৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।

 

কেন্দ্ৰৰ বিজ্ঞানী ডঃ মধুস্মিতা কটকীৰ তত্বাৱধানত অনুষ্ঠিত শিবিৰত মুঠ ২৫ জন শিক্ষিত যুৱক যুৱতীয়ে ভাগ লয় । আনহাতে শিবিৰত প্ৰশিক্ষক হিচাপে ভাগ লয় বিশিষ্ট মৌ পালক বিজিত কলিতা আৰু ৰাহুল বিক্ৰম দাস । দুইজন প্ৰশিক্ষকে শিবিৰত ভাগ লোৱা প্ৰশিক্ষাৰ্থী সকলক বৈজ্ঞানিক পদ্ধতিৰে মৌ পালন কৰি কিদৰে ধন উপাৰ্জন কৰিব পাৰি তাৰ প্ৰশিক্ষণ প্ৰদান কৰে।

 

শিবিৰৰ সামৰণি অনুষ্ঠানত ভাগ লৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ ধীৰেন্দ্ৰনাথ কলিতাই ভাষণত নিবনুৱা যুৱক যুৱতী সকলে যাতে মৌ পালনক বৃত্তি হিচাপে গ্ৰহণ কৰিব পাৰে তাৰ কামনা কৰে । অনুষ্ঠানত কেন্দ্ৰৰ বিজ্ঞানীদ্বয় ডঃ মধুস্মিতা কটকী আৰু ৰিজাউল হেলিমেও ভাষণ দিয়ে। ইয়াৰ উপৰি কেবাজনো প্ৰশিক্ষাৰ্থীয়ে মৌ পালন সন্দৰ্ভত শিবিৰত লাভ কৰা অভিজ্ঞতাৰ কথা ব্যক্ত কৰে ।

বিশ্ব সংবিধান সংসদ সন্থালৈ অসমৰ ডক্টৰ দিব্যজ্যোতি শইকীয়া মনোনীত

ৱল্ড কনষ্টিউচন পাৰ্লিয়ামেণ্ট এচ’চিয়েচনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেভেন্ঠ এভিনিউ, ৰেডফোৰ্টস্থিত মুখ্য কাৰ্যালয়ৰ নিৰ্দেশক্ৰমে উক্ত সন্থাৰ ভাৰতীয় চেপ্টাৰে আজি মহাৰাষ্ট্ৰত অনুষ্ঠিত এক অনুষ্ঠানত আন্ত:ৰাষ্ট্ৰীয় উপাধ্যক্ষ এম পি নৰসিংহ মূৰ্টী আৰু ৰাষ্ট্ৰীয় সচিব ডঃ দত্তা বিধাৱেৰ উপস্থিতিত গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক WCPAৰ সদস্য পদলৈ মনোনীত কৰাৰ লগতে দুটা দশকজুৰি ৰাষ্ট্ৰীয় পৰ্যায়ত মানৱতা আৰু শান্তিৰ হকে আগবঢ়াই অহা উৎকৃষ্ট সমাজ সেৱাৰ বাবে ৱৰ্ল্ড কনষ্টিটিউচন ইন্টাৰনেচনেল এৱাৰ্ড প্ৰদান কৰিছে।

 

 

আনহাতে ২৯ নৱেম্বৰত মানৱ অধিকাৰ সুৰক্ষা আয়োগৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক স্থিত মুখ্য কাৰ্যালয়ৰ সৌজন্য তথা আহ্বানমৰ্মে উক্ত আয়োগৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত অসমৰ মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰাৰ লগতে বিশ্ব মানৱ অধিকাৰ সুৰক্ষা আয়োগৰ সন্মানীয় আন্তঃৰাষ্ট্ৰীয় সদস্য পদ আগবঢ়ায়। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ে ইতিমধ্যে ডঃ দিব্যজ্যোতি শইকীয়াক মানৱতা সন্দৰ্ভত আগবঢ়াই অহা উৎকৃষ্ট সেৱাৰ বাবে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে।

 

 

দুটা দশকজুৰি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অন্ধবিশ্বাস, ডাইনী কাণ্ড আৰু সামগ্ৰিক অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে তথা শান্তি, মানৱতা আৰু মানৱ অধিকাৰ হকে চলোৱা সংগ্ৰামৰ বাবে ডঃ দিব্যজ্যোতি শইকীয়ালৈ এই আন্তঃৰাষ্ট্ৰীয় সন্মান আগবঢ়াইছে।

 

২৯ নৱেম্বৰত দিল্লীৰ ইণ্ডিয়া ইন্টাৰনেচনেল চেণ্টাৰত অনুষ্ঠিত উক্ত অনুষ্ঠানত ভাৰতবর্ষৰ উপৰি ভাৰত শ্ৰীলংকাৰ উচ্চ আয়ুক্ত এইচ ই অস্তিন ফেৰান্দু, মিচিছিপি পেনামা এম্বেচিৰ ডেপুটি চীফ ৰিচাৰ্ড ভেৰেনা,দক্ষিণ আফ্ৰিকাৰ উচ্চ আয়ুক্ত মাথপেল’কে আদি কৰি আন্তৰ্জাতিক শীৰ্ষ পৰ্যায়ৰ বহু কেইজন নেতা আৰু বিষয়া উপস্থিত থাকে।

 

উল্লেখযোগ্য যে ইতিমধ্যে ডক্টৰ দিব্যজ্যোতি শইকীয়াক লণ্ডনস্থিত গ্লোবেল পিচ কাউন্সিলৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিশ্ব শান্তি গ্লোবেল বঁটা ২০২০, আৰু উক্ত অনুষ্ঠানে আগবঢ়াইছে চলিত বৰ্ষৰ গান্ধী জয়ন্তীৰ পৰা এবছৰৰ বাবে গ্লোবেল পিচ এম্বেচাদৰৰ সন্মান। ইয়াৰ উপৰি ডঃ দিব্যজ্যোতি শইকীয়াই বহু কেইটা আন্তঃৰাষ্ট্ৰীয় সন্মানৰ লগতে ষাঠি তাতকৈ অধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

পানী যোগান প্ৰকল্প উদ্বোধন

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কালি জালুকবাৰীৰ সদিলাপুৰত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা ৰূপায়িত জে এন এন ইউ আৰ এমৰ অৰ্থ সাহায্যৰে নিৰ্মিত অভিলাসী দক্ষিণ পশ্চিম গুৱাহাটীৰ পানী যোগানৰ প্ৰকল্পৰ অন্তৰ্গত কামাখ্যা বিতৰণৰ ক্ষেত্ৰৰ অধীনস্থ চাৰিটা জিলাৰ মিটাৰিং অঞ্চলত প্ৰথম পৰ্যায়ৰ কাৰ্যকৰীকৰণ শুভ উদ্বোধন কৰে।

উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত কাৰ্যকৰীকৰণৰ জৰিয়তে এই প্ৰকল্প অন্তৰ্গত কামাখ্যা বিতৰণৰ ক্ষেত্ৰৰ অধীনস্থ ১,২,৩ আৰু ৪ নং জিলাৰ মিটাৰিং অঞ্চল যথাক্ৰমে ভূতনাথৰ পৰা মালিগাঁও চাৰিআলিলৈ এ টি ৰোডৰ সোঁফালৰ অঞ্চল সমূহ,কালিপুৰ,মালিগাঁও চাৰিআলি,কামাখ্যা কলনি সমগ্ৰ পাণ্ডু অঞ্চল,বালিপাৰা,কামাখ্যা নগৰ,পাণ্ডৱ নগৰ,আনন্দ নগৰ,শংকৰ নগৰ,জয়মতী নগৰ,সমগ্ৰ আদাবাৰী ইত্যাদি অঞ্চলত প্ৰতিদিনে ২৪ ঘণ্টাই নিৰ্বছিন্নভাৱে খোৱাপানী উপলব্ধ হ’ব। এই প্ৰকল্প ৰূপায়ণত ৪০৭.৫২ কোটি টকা ব্যয় কৰা হৈছে।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বহু দিনীয়া অপেক্ষা অন্তত আজি গুৱাহাটীৰ মহানগৰীত পানী যোগানৰ গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ হ’ল। গুৱাহাটী মহানগৰীক উত্তৰ পূৰ্বাঞ্চলৰ নহয়,দক্ষিণ পূৰ্ব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য স্থিৰ কৰিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম পৰ্যায়ত স্মাৰ্ট চিটি হিচাপে গুৱাহাটীক অন্তৰ্ভুক্ত কৰিছে। গুৱাহাটীয়ে নিজৰ পৰিচয় দাঙি ধৰি ইয়াৰ সৌন্দৰ্যবৰ্দ্বন কৰি পৰ্যটক আকৰ্ষণ কৰিব লাগিব।

গেমন ইণ্ডিয়া লিমিটেডৰ বিষয়াসকলক বিশুদ্ধ আৰু সুনিশ্চিত পানী যোগান অব্যাহত ৰাখিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে কয় যে তেতিয়াহে জনসাধাৰণৰ আস্থা আৰু বিশ্বাস বৃদ্ধি পাব। ইয়াৰ বাবে নিষ্ঠা আৰু সেৱাৰ মানসিকতাৰে কাম কৰিব লাগিব বুলিও তেওঁ কয়।

সভাত ভাষণ প্ৰদান কৰি গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰকল্পটো সফলতাৰে ৰূপায়ন কৰাৰ বাবে জি এম ডি এৰ বিষয়া সকলক আৰু গেমন ইণ্ডিয়াৰ অভিযন্তাসকলক ধন্যবাদ জ্ঞাপন কৰে।তেওঁ লগতে কয় যে এই প্ৰকল্পটো সম্পূৰ্ণ ভাৱে কাৰ্যকৰীকৰণ হৈ উঠিলে প্ৰতিদিনেই ১০ কোটি লিটাৰ পানী যোগান ধৰাটো সম্ভৱ হৈ উঠিব।

এই সভাত সাংসদ কুইন ওজা,জি এম ডি এৰ অধ্যক্ষ অশোক সিংহাল,বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,অতিৰিক্ত মুখ্য সচিব মনিগুৰ সিঙেও ভাষণ প্ৰদান কৰে।

চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন -পহিলা জানুৱাৰীৰ পৰা পাচদিনীয়াকৈ একাদশ বাৰ্ষিক চানডুবি উৎসৱ

দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত চিৰসেউজ আবেশ আৰু মনোৰম জলৰাশিৰে উজ্বলি থকা তথা ৰাজাপাৰাত অৱস্থিত ঐতিহাসিক চানডুবি বিল৷ প্ৰকৃতিসৃষ্ট মনোৰম বিলখনৰ অনুপম জৈৱ বৈচিত্ৰ্য সংৰক্ষণ তথা অন্যতম প্ৰাকৃতিক ক্ষেত্ৰখন উল্লেখণীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ প্ৰয়াসেৰে চানডুবি উৎসৱ উদযাপন সমিতিয়ে বাৰেৰহণীয়া কাৰ্যসূচীৰে চানডুবি উৎসৱৰ আয়োজন কৰি আহিছে ৷

 

 

কিন্তু বিগত বৰ্ষত ‘কা’ আন্দোলনৰ বাবে উক্ত উৎসৱৰ কাৰ্যসুচী বাতিল কৰা হৈছিল যদিও আগন্তুক ২০২১ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উক্ত উৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে উদ্যোক্তাসকলে। সেয়ে আজি পৰম্পৰাগত মাংগলিক কাৰ্যসুচীৰ লগতে ৰাভা লোককৃষ্টি প্ৰদৰ্শন কৰি চানডুবিৰ বাকৰিত একাদশ বাৰ্ষিক চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়৷

 

 

 

উদযাপন সমিতিৰ বিষয়ববীয়া সুভাষ চিনালে পৰিচালনা কৰা আনুষ্ঠানটিত লাইখুঁটা স্থাপন কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ সদস্য ৰমাকান্ত ৰাভাই ৷ ইফালে মাংগলিক অনুষ্ঠানটিত কেন্দ্ৰীয় আৰছু নেতা দেৱজিত নাফা, অশোক নংবাগ, জীৱন ৰাভাৰ উপৰিও কুলশী পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য দিলীপ কুমাৰ ৰাভা, চানডুবি পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য নৃপেন চন্দ্ৰ ৰাভা আদি উপস্থিত থাকে। উল্লেখ্য যে, সকলো জাতি জনগোষ্ঠীৰ থুলুৱা খাদ্য সম্ভাৰৰ পৰা কৃষ্টি সংস্কৃতি, নৃত্য গীত, খেল ধেমালি, পৰম্পৰাৰ সকলো দিশ উদ্ভাসিত হ’ব এই চানডুবিৰ উৎসৱৰ বাকৰি।ৰাভা দল সংগঠনসমূহৰ সক্ৰিয়তাত সংকটৰ গৰাহত পৰা চানডুবিৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰি আহিছে এই চানডুবি উৎসৱ।পূৰ্বৰ দৰে এইবীৰো উদ্যোক্তাসকলে ৰাইজৰ সহযোগ কামনা কৰিছে।

ডক্টৰ দিব্যজ্যোতি শইকীয়ালৈ W H R P C ৰ আন্ত:ৰাষ্ট্ৰীয় সন্মান

বিশ্ব মানৱ অধিকাৰ সুৰক্ষা আয়োগৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক স্থিত মুখ্য কাৰ্যালয়ৰ সৌজন্য তথা আহ্বানমৰ্মে ২৯ নৱেম্বৰত উক্ত আয়োগৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত অসমৰ ৰাষ্ট্ৰীয় অভিলেখকাৰী মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰাৰ লগতে বিশ্ব মানৱ অধিকাৰ সুৰক্ষা আয়োগৰ সন্মানীয় আন্তঃৰাষ্ট্ৰীয় সদস্য পদ আগবঢ়ায়। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ে ইতিমধ্যে ডঃ দিব্যজ্যোতি শইকীয়াক মানৱতা সন্দৰ্ভত আগবঢ়াই অহা উৎকৃষ্ট সেৱাৰ বাবে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে।

 

 

 

দুটা দশকজুৰি অন্ধবিশ্বাস, ডাইনী কাণ্ড আৰু সামগ্ৰিক অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে তথা শান্তি, মানৱতা আৰু মানৱ অধিকাৰ হকে চলোৱা সংগ্ৰামৰ বাবে ডঃ দিব্যজ্যোতি শইকীয়ালৈ এই আন্তঃৰাষ্ট্ৰীয় সন্মান আগবঢ়োৱা হয়।

 

দিল্লীৰ ইণ্ডিয়া ইন্টাৰনেচনেল চেণ্টাৰত অনুষ্ঠিত উক্ত অনুষ্ঠানত ভাৰতবর্ষৰ উপৰি ভাৰত শ্ৰীলংকাৰ উচ্চ আয়ুক্ত এইচ ই অস্তিন ফেৰান্দু, মিচিছিপি, পেনামা, এম্বেচিৰ ডেপুটি চীফ ৰিচাৰ্ড ভেৰেনা,দক্ষিণ আফ্ৰিকাৰ উচ্চ আয়ুক্ত মাথপেল’কে আদি কৰি আন্তৰ্জাতিক শীৰ্ষ পৰ্যায়ৰ বহু কেইজন ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে ইতিমধ্যে ডঃ দিব্যজ্যোতি শইকীয়াক লণ্ডনস্থিত গ্লোবেল পিচ কাউন্সিলৰ পৰা আন্তঃৰাষ্ট্ৰীয় “বিশ্ব শান্তি গ্লোবেল বঁটা ২০২০,আৰু উক্ত অনুষ্ঠানে আগবঢ়াইছে চলিত বৰ্ষৰ গান্ধী জয়ন্তীৰ পৰা এবছৰৰ বাবে গ্লোবেল পিচ এম্বেচাদৰৰ সন্মান। ইয়াৰ উপৰি ডঃ দিব্যজ্যোতি শইকীয়াই বহু কেইটা আন্তঃৰাষ্ট্ৰীয় সন্মানৰ লগতে ৬০ টাতকৈ অধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।