কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ জীৱবিদ্যা আৰু বন্যজীৱ বিজ্ঞান বিভাগে দীপৰ বিলৰ সমীপৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলৰ বন গাঁৱ ছাটাৰগাওঁত বিকল্প জীৱিকাৰ সন্ধান’ শীৰ্ষক এক ৰাজহুৱা সভাৰ আয়োজন কৰে ৷ এই সভাখন দীপৰ বিলৰ সংৰক্ষণৰ অৰ্থে বাংগালুৰুৰ উইপ্ৰো ফাইণ্ডেশ্যনৰ দ্বাৰা সমৰ্থিত এক দীৰ্ঘম্যাদী প্ৰকল্পৰ অন্তৰ্গত ৷ প্ৰকল্প অনুসন্ধানকাৰী তথা কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ নাৰায়ণ শৰ্মাই সভাত অংশগ্ৰহণ কৰি কয় যে দীপৰ বিল আৰু ৰাণী সংৰক্ষিত বনাঞ্চলৰ নিচিনা আন্তৰ্জাতিক প্ৰতিষ্ঠা সম্পন্ন জলাশয়সমূহৰ আৰু বনাঞ্চল সংৰক্ষণৰ বাবে ইয়াৰ ওপৰত প্ৰত্যক্ষ নিৰ্ভৰশীলতা কমাব লাগিব আৰু ইয়াৰ বাবে বিকল্প জীৱিকাৰ অনুসন্ধান নিতান্তই প্ৰয়োজনীয় ৷ ৫০ ৰো অধিক লোকে এই সভাত অংশ লয় ৷ অংশগ্ৰহণকাৰী সকলে বিভিন্ন বিকল্প জীৱিকাৰ বিষয়ে পৰামৰ্শ আগবঢ়ায়, যিবোৰে দীপৰ বিলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে স্থানীয় অৰ্থনীতিও টনকিয়াল কৰিব ৷ ইয়াৰ ভিতৰত মেটেকাৰ পৰা হস্তশিল্পৰ নিৰ্মাণ, জৈৱিক কৃষি, উৎপাদিত সামগ্ৰীৰ মানদণ্ড উন্নয়ন আদিৰ লগতে অন্যান্য বৃত্তিমুখী শিক্ষা যেনে ম’বাইল ৰিপেয়াৰিং, বিউটীচিয়ান আদি উল্লেখনীয় ৷ ইয়াৰ উপৰিও অঞ্চলটোত বিভিন্ন ব্যৱসায়িক তথা চৰকাৰী প্ৰতিষ্ঠানৰ কৰ্পোৰেট ছ’চিয়েল ৰেছপঞ্চিবিলিটীৰ অন্তৰ্গত দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচীৰ সম্ভাৱনাৰ কথাও সভাত আলোচনা কৰা হয় ৷

ৰাণী আন্ধেৰীজুলীত দুখীয়া লোকৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ
সামাজিক, অৰ্থনৈতিক, শৈক্ষিক , সাংস্কৃতিক আদি দিশ সামৰি স্বায়ত্ত শাসিত পৰিষদে সমমৰ্য্যদাৰে সঠিক ৰূপত আগবঢ়াই নিবলৈ অহৰহ চেষ্টা চলাই অহা কাৰ্যই অঞ্চলটোত দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হৈছে। তাৰেই অংশস্বৰূপে আজি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ৩৬ নং পৰিষদীয় সমষ্টিৰ উদ্যোগত ২০১৯-২০ বিত্তীয় বৰ্ষৰ আৰ্থিক অনুদানৰে বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়। মহানগৰী সমীপৰ ৰাণীৰ আন্ধেৰীজুলীত স্থায়ী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত এই বিতৰণ কাৰ্যসূচীত ৩৬ নং পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভা, ৰাণী ৰাভা ছাত্র সন্থাৰ সম্পাদক জিতেন ৰাভা, ৰাভা মহিলা পৰিষদৰ সভানেত্রী মঞ্জু ৰাভা, সুনীতা বড়ো, ৰাভা মহিলা মনিটৰিং কমিটিৰ সদস্য মইনা বড়ো, পাপৰি বড়ো, সুনিতা মেধীকে ধৰি বিষয়ববীয়া সকল উপস্থিত থাকে। অনুষ্ঠানত অঞ্চলটোৰ কৃষক, শিপিনী, ছাত্ৰ-ছাত্ৰী, খেলুৱৈ, দৰ্জী, দুখীয়া-দৰিদ্ৰ পৰিয়ালক সামৰি প্ৰায় পাচ শতাধিক হিতাধিকাৰিক স্প্ৰে মেচিন, টিনপাট, পাম্প চেট, প্লাষ্টিক শ্বেয়াৰ, কম্বল , আঠুৱা, ফুটবল বেডশ্বিট আদি বিতৰণ কৰা হয়।পৰৱৰ্তী সময়তো দুখীয়া লোকসকলক এনেদৰে সামগ্ৰী বিতৰণ কৰা হ’ব বুলি সমষ্টিটোৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভাই জানিবলৈ দিয়ে।
ভিউৱাছৰ মতামত