বেটাৰী চালিত চাইকেল নিৰ্মাণ কৰিলে অমনে

0 284

অভাৱেই আৱিস্কাৰৰ মূল।এই কথাষাৰৰ সত্যতা প্ৰমাণ কৰি দেখুৱালে বঙাইগাৱৰ আগৰৱালা পাইপ লাইনৰ সমীপৰ এজন কিশোৰে ।অমন বৰৈ নামৰ কিশোৰ জনে নিজস্ব চিন্তাৰে বেটাৰী চালিত চাইকেল সাজি উলিয়াইছে।উল্লেখযোগ্য যে তেওঁ অধ্যয়ন কৰা শিক্ষাপ্ৰতিষ্ঠান খনলৈ অহা যোৱা কৰাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছিল যাৰ ফলশ্ৰুতিত বেটাৰী চালিত চাইকেল নিৰ্মাণ কৰে।জানিব পৰা মতে চাইকেলখন ৪ঘণ্টা চাৰ্জ দিলে ৩৫কিলো মিটাৰ অনায়াসে অতিক্ৰম কৰিব পাৰে।ইতিপূৰ্বেও অমনে হেলমেট, পাম্প, দ্ৰোণ আদিবোৰ সাজি উলিয়াইছিল ।কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ এটাৰ পিছত এটাকৈ সামগ্ৰী সাজি উলিওৱাক অমন হাজাৰজনৰ আদৰ্শ হৈ  পৰিছে ।বিশেষ কৃতজ্ঞতা -বিকাশ কলিতা

Leave A Reply

Your email address will not be published.