মিত্ৰতা ভংগৰ পিছত প্ৰতিষ্ঠাপক সভাপতি জনে কি ক’লে

0 272

অসম গণ পৰিষদ কোনো বিশেষ বা ব্যক্তি সমষ্টিৰ দল নহয় ,ই অসমৰ ৰাইজৰ দল।এই মন্তব্য অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ ।অসম গণ পৰিষদে আৰম্ভণিৰ পৰাই বিধেয়কৰ বিৰোধিতা কৰি কৰি আহিছে ।ই আইনত পৰিণত হ’লে অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হ’ব আৰু ৮৫৫ গৰাকী শ্বহীদক ভেঙুচালি কৰা হ’ব ।আজি মহানগৰীৰ হোটেল ৰাজধানী ৰিজেঞ্চিত অনুষ্ঠিত এক সংবাদ মেলত মহন্তই কয় যে ৭জানুবাৰীত কৰ্মকৰ্তাই মিত্ৰতা ভংগ কৰা সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্য্যক আমি আদৰণি জনাইছো।অসমত চলি থকা সন্মিলিত চৰকাৰ ভংগ কৰক।মাজুলীত অনুষ্ঠিত কৰা কাৰ্য্যনিৰ্বাহক সভাই কোনো অংশীদাৰ দলৰ সৈতে মতামত লোৱা নাছিল বুলি তেখেতে মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.