অক্ষয় কুমাৰে দেশৰ শিল্পীসকললৈ আগবঢ়ালে ৫০ লাখ টকা

0 204

বলীউডৰ তাৰকা অক্ষয় কুমাৰে ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ মাজত সংগ্ৰাম কৰি থকা শিল্পীসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যৰে ৫০ লাখ টকাৰ অনুদান আগবঢ়ায়। উক্ত অনুদানখিনি আৰ এছ এছৰ সহযোগী সংস্কাৰ ভাৰতীক আগবঢ়োৱা হয়। সংস্কাৰ ভাৰতীয়ে ক’ভিড-১৯ মহামাৰীত বিপৰ্যস্ত হোৱা শিল্পীসকলক বিত্তীয় সাহাৰ্য্য আগবঢ়োৱা হেতুকে পুঁজি সংগ্ৰহ কৰি আহিছে। এই পুঁজি সংগ্ৰহৰ বাবে, শেহতীয়াকৈ বিজেপি সাংসদ তথা গায়ক হংস ৰাজৰ অধীনত এখন সমিতি গঠন কৰা হৈছিল।
সংস্কাৰ ভাৰতীয়ে কিছুদিন পূৰ্বে শিল্পীসকলক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ উদ্দেশ্যৰে পুঁজি সংগ্ৰহ কৰিবলৈ এটা ভাৰ্চুৱেল কনচাৰ্টৰ আয়োজন কৰিছিল, যাৰ দ্বাৰা লোকসকলে অনুদান আগবঢ়াই বিপৰ্যস্ত হোৱা শিল্পীসকলক সহায় কৰিব পাৰে। উক্ত ভাৰ্চুৱেল অনুষ্ঠানটোত পণ্ডিত বিৰজু মহাৰাজ, আমজাদ আলী খান, সোনল মানসিং, চনু নিগম, অক্ষয় কুমাৰ আদি বিশিষ্ট ব্যক্তিসকলে অংশগ্রহণ কৰিছিল।

Leave A Reply

Your email address will not be published.