অক্ষয় ফাউণ্ডেচনৰ হেপীনেছ কীট মুকলি

0 236

অক্ষয় পাত্ৰ ফাউণ্ডেচনে অলপতে ছাত্ৰ ছাত্ৰী সকলৰ বাবে অক্ষয় হেপীনেছ কীট মুকলি কৰিছে।এই হেপ্পীনেছ কিটত সন্নিবিষ্ট আছে শিশু স্বাস্থ্য,বুদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজন হোৱা নিয়মীয়া আৰু অতি আৱশ্যক পুষ্টিৰে সমৃদ্ধ খাদ্য সামগ্ৰী।
 
 
 
কীটত থকা দাইল,মছলা,চীনাবাদাম,গুড়,বিস্কুট,আৰু অন্যান্য খাদ্য সামগ্ৰীয়ে শিশু আৰু তেওঁলোকৰ পৰিয়ালৰ পুষ্টি গ্ৰহণত সহায় কৰিব।শিশু মাজত স্বচ্ছতাক প্ৰসাৰিত কৰিবলৈ কীটত সন্নিবিষ্ট হ’ব চাবোন,দাত ঘঁহা ব্ৰাছ,দাত ঘঁহা মলম আৰু ছেনিটেৰী পেড আদিৰ দৰে সামগ্ৰী।শিশুৰ জ্ঞান সমৃদ্ধি দক্ষতা বৃদ্ধিৰ বাবে নিজৰ নিজৰ ভাষাৰ ক্ৰিয়াকলাপ ভিত্তিত লানিং ৱৰ্ক বুকো কীটত অন্তৰ্ভুক্ত কৰা হৈছে।
 
এই কীটত অত্যাৱশ্যকীয় পুষ্টিকৰ উপকৰণ যেনে গ্লুক’জ, আইৰণ আৰু কেলচিয়াম, আয়োডিন,প্ৰ’টিন থাকিব।যিয়ে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব ।প্ৰত্যেকটো কীটত থাকিব ৭১৭.৫ গ্ৰাম প্ৰ’টিন আৰু ২১,১৭৫ কেল’ৰি এনাৰ্জি। এনেদৰে প্ৰতিগৰাকী শিশুৱে ২৩.৯ গ্ৰাম প্ৰ’টিন আৰু ৭৩৯ কেল’ৰি এনাৰ্জি লাভ কৰিব।
 
গুৱাহাটীত ৩৮,৬৬৬ গৰাকী আৰু বাংগালুৰত ১,২০০গৰাকী স্কুলীয়া শিশুক লক্ষ্য কৰি আৰম্ভ কৰা হেপ্পীনেছ কীট পাইলট প্ৰকল্পৰ পৰা উৎসাহজনক সঁহাৰি লাভ কৰা পাছত অক্ষয় পাত্ৰ ফাউণ্ডেচনে দেশৰ ভিন্ন প্ৰান্তৰ মধ্যাহ্ন ভোজন উপভোক্তাৰ মাজত এই কাৰ্যসূচী বিস্তাৰিত কৰা লক্ষ্য লয়।স্কুলৰ প্ৰাঙ্গনত শিশুৰ অভিভাৱক মাজত কীট বিতৰণ কৰা হয়।
 
হেপ্পীনেছ কীট সন্দৰ্ভত অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীধৰ ভেংকটে কয় ভাৰতীয় হিচাপে আমি উন্নত মানৱ সম্পদ তৈয়াৰ ওপৰত গুৰুত্ব দিছো। এই ছেপ্টেম্বৰত আমি ৰাষ্ট্ৰীয় পুষ্টি মাহ পালন কৰিছো আৰু এনে ক্ষণত আমি হেপ্পীনেছ কীট মুকলি কৰিছো।ইয়াৰ জৰিয়তে আমি ক’ভিড-১৯ ৰ বাবে স্কুল যাব নোৱাৰা পুষ্টি আৰু শিক্ষাৰ অভাৱ দূৰ কৰাৰ প্ৰয়াস চলাইছো।ইয়াৰ বাবে আমি আমাৰ সমাজসেৱা দাতা Crompton greaves electricals ltd Franklin Templeton, India carbon CISCO Amazon আৰু আন বহুতো কৰ্পোৰেট তথা ব্যক্তিগত দাতাক ধন্যবাদ জনাইছো।তেওঁলোকে আগুৱাই আহি আমাক সহযোগ কৰিলে।
এতিয়ালৈকে বিতৰণ হোৱা কীটছৰ পৰিমাণ হ’ল ১১,০০০ । কীটছ বিতৰণৰ স্থান সমূহ হ’ল গুৱাহাটী,বাংগালুৰ, ভডোডৰা ,ছিলভাছা,মুম্বাই  অক্ষয় পাত্ৰ ফাউণ্ডেচনে স্কুল পুনৰ মুকলি নোহোৱা পৰ্যন্ত ৰাজ্যিক ভিত্তিত এইদৰে হেপ্পীনেছ কীট বিতৰণ কৰি থাকিব।

Leave A Reply

Your email address will not be published.