অসম-অৰুণাচল সীমান্ত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ চিজুছাক পৰ্যটনৰ বাবে অধিক আকৰ্ষিত কৰাৰ প্ৰচেষ্টা

0 235

নতুন বছৰৰ দ্বিতীয় সপ্তাহত হাজাৰ হাজাৰ বনভোজ দলৰ উপস্থিতিত লোকে লোকাৰনীয়া হৈ পৰে বিশ্বনাথ জিলাৰ অন্তৰ্গত অসম-অৰুনাচল সীমান্তবৰ্তীস্থিত চিজুছা । প্ৰাকৃতিক সৌন্দৰ্য্যৰ প্ৰতি আকৰ্ষিত হৈ বছৰি নবেম্বৰ মাহৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দৈনন্দিন শ-শ বনভোজ প্ৰেমীৰ দল উপস্থিত হৈ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰাৰ লগতে বৰদিকৰাই নদীৰ পাৰত লগে ভাগে এসাঁজ খাই অহা পৰিলক্ষিত হৈছে । উল্লেখ্য যে ২০০৪ চনৰ পূৰ্বে ভগৱানৰ অপৰূপ সৃষ্টি চিজুছা পৰ্যটকৰ বাবে বৰ্তমানৰ তুলনাত অধিক আকৰ্ষিত আছিল। কিন্তু ২০০৪চনত হোৱা এক ডাৱৰ বিস্ফোৰণৰ ফলত চিজুছাৰ নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্য্যৰ যথেষ্ঠ পৰিমানে ম্লান হয়। চিজুছাৰ পূৰ্বৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ হৃত গৌৰৱ কঢ়িয়াই অনাৰ লক্ষ্যৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ বলিষ্ঠ পদক্ষেপত চিজুছাৰ বনভোজস্থলীত এমজিএনেৰেগাৰ পুঁজিৰ পৰা ১.৫ কোটি টকা ব্যয় সাপেক্ষে শিশু উদ্যান,এটা খেলপথাৰ ,বৃক্ষৰোপণ আৰু বৰদিকৰাই নদীৰ কাষত এটা বান্ধ নিৰ্মাণ আদি কৰাৰ প্ৰস্তুতি চলিছে । প্ৰণিধানযোগ্য যে যোৱা কালি বিশ্বনাথ জিলা উন্নয়নৰ সমিতিৰ উক্ত বনভোজ স্থলিতে দিনৰ ১১বজাৰ পৰা এখনি বৈঠক অনুষ্ঠিত হয় ।উক্ত বৈঠকত জিলা খনৰ বিভিন্ন প্ৰান্তৰ উন্নয়নৰ বিষয়ে আলোচনা হোৱাৰ উপৰিও উক্ত বৈঠকত চিজুছা বনভোজ স্থলীৰো উন্নয়নৰ বিষয়েও আলোচনা হয় বুলি চতিয়াৰ উন্নয়ন খণ্ড বিষয়া পুলক শৰ্মাই জানিবলৈ দিয়ে ।উক্ত বৈঠকত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা,বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,জিলা উপায়ুক্ত আদি কৰি জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.