সদৌ অসম আৰক্ষী সন্থাৰ এটা সজাতি দলে ১৭ জুলাইৰ সন্ধিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দিছপুৰৰ সচিবালয়ৰ কাৰ্যালয়ত সৌজন্যমূলক সাক্ষাৎ কৰে । সন্থাৰ সভাপতি হেমন্ত কুমাৰ গোস্বামী আৰু সাধাৰণ সম্পাদক তাহেৰউদ্দিন আহমেদৰ নেতৃত্বত যোৱা সজাতি দলটোৱে মুখ্যমন্ত্ৰীক গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এখন সম্বৰ্ধনা পত্ৰ আৰু এখন বিভিন্ন দাবী সম্বলিত পত্ৰ প্ৰদান কৰে । দাবীপত্ৰত কেন্দ্ৰীয় সশস্র আৰক্ষী বাহিনী সমূহৰ দৰে অসম আৰক্ষীৰ পৰিয়ালৰ লোকৰ বাবে কেচ লেচ হেলথ পলিচিৰ ব্যৱস্থা কৰা , এ পি আৰ অ’ৰ কনিষ্টবল , হেড কনিষ্টবল , এ এছ আইৰ গ্ৰেড পে ৰ আসোঁৱাহ , বেটেলিয়ান আৰু বিশেষ শাখাৰ হাবিলদাৰ সকলৰ গ্ৰেড পেৰআসোঁৱাহ দূৰ কৰা , উপ পৰিদৰ্শক আৰু পৰিদৰ্শকৰ পে বেণ্ড উন্নীত কৰা , অৰাজপত্ৰিত বিষয়া সকলৰ টাইম বাউণ্ড পদোন্নতি দিয়া , চাকৰি কালত কমেও চাৰিটা পদোন্নতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱা হয় । আনহাতে মুখ্যমন্ত্ৰীয়ে দাবী পত্ৰখন গ্ৰহণ কৰি আৰক্ষী সঞ্চালক প্ৰধান আৰু সন্থাৰ বিষয়ববীয়া সকলৰ সৈতে মিলিত হৈ সমস্যা সমূহ সমাধানৰ আশ্বাস প্ৰদান কৰে ।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ