অসম গ্ৰন্থমেলাত পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিপনী

0 226

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৩১ ডিচেম্বৰত ৰাজ্যত এটাও পথ-দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যু সংঘটিত হ’বলৈ নিদিও বুলি অঙ্গীকাৰ কৰাৰ লগতে পথ সুৰক্ষা আৰু সজাগতাৰ বাবে
সৰ্বস্তৰৰ ৰাইজৰ সহযোগত ব্যাপক জনসচেতনতাৰ বাবে জনোৱা আহ্বানৰ লগে লগে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে দিয়া নিৰ্দেশত পৰিবহণ বিভাগে ৰূপায়ন কৰা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে কালিৰে পৰা মহানগৰীৰ চানমাৰিত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ বাকৰিত এখন বিপনী মুকলি কৰা হয়। বিশেষকৈ ছাত্ৰ-ছাত্ৰী তথা যুৱ প্ৰজন্মকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজলৈ পথ সুৰক্ষা আৰু সজাগতাৰ বাণীসমূহ আগবঢ়াই নিয়াৰে প্ৰয়াসেৰে আৰম্ভ কৰা পথ সুৰক্ষাৰ এই বিপনীখন শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুয়ে এগছি বন্তি প্ৰজ্বলনেৰে মুকলি কৰি পথ সুৰক্ষা, সজাগতাৰ বাবে মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানলৈ সহযোগিতা আগবঢ়াই যান বাহন চালনাৰ নীতি নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায়। শিক্ষা বিভাগৰ উপদেষ্টা ড° ননী গোপাল মহন্তও অনুষ্ঠানটোত উপষ্ঠিত থাকি ৰাজ্যত পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যু ৰোধৰ বাবে প্ৰতিগৰাকী লোককে পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা অৱলম্বনৰ বাবে আহ্বান জনায়। প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আৰু অধ্যাপক ড° সব্যসাচী মহন্ত উপস্থিত থকা অনুষ্ঠানটোৰ পিছতেই পথ সুৰক্ষাৰ আহ্বানেৰে ড° দ্বীপেন দাসৰ নেতৃত্বত এখনি বাটৰ নাট পৰিবেশন কৰে নেডফিমচে। উল্লেখ্য যে, সমাজৰ সকলো শ্ৰেণীৰ লোককে পথ সুৰক্ষাৰ ক্ষেত্ৰত পাৰ্যমানে সজাগ কৰাৰ প্ৰয়াসেৰ গ্ৰন্থমেলা বাকৰিত কালি বিপনীখন মুকলিৰ পিছতে পথ সুৰক্ষাৰ এক কাৰ ৰেলীৰো শুভাৰম্ভ কৰি সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে সৰ্বস্তৰৰ ৰাইজৰ জনসচেতনতা আৰু সজাগতাতহে পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যু ৰোধ কৰিব পৰা যাব বুলি মন্তব্য কৰি সকলোৰে সহযোগিতা কামনা কৰে।

Leave A Reply

Your email address will not be published.