অহা ৯ ডিচেম্বৰৰ পৰা মুকলি হ’ব চিৰিয়াখানা

0 203

অহা ৯ ডিচেম্বৰৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান পুনৰ দর্শনাৰ্থীৰ বাবে মুকলি হ’ব।পুৱা ৮ বজাৰ পৰা ১১ বজালৈ আৰু দুপৰীয়া ১ বজাৰ পৰা ৪ বজালৈ দৰ্শনাৰ্থীয়ে চিৰিয়াখানাত প্ৰবেশ কৰিব পাৰিব।
 
প্ৰতিটো বাৰতে সৰ্বোচ্চ ৪৫০ জন লোক আৰু প্ৰতি ঘণ্টাত ১৫০ জনকৈ লোক প্ৰৱেশ কৰিব পাৰিব।প্ৰতিজন লোকে চিৰিয়াখানা ভিতৰত ২ ঘণ্টাকৈ সময় কটাব পাৰিব।ততোধিক সময় কটাবৰ বাবে চিৰিয়াখানা কৰ্তৃপক্ষৰ পৰা অনুমতি ল’ব লাগিব।
 
 
ক’ভিডৰ প্ৰ’টকল মানি মাস্ক পিন্ধাটো বাধ্যতামূলক।চিৰিয়াখানাৰ ভিতৰত খাদ্য বস্তু নিয়া নিষেধ।প্ৰতিজন দর্শনাৰ্থীয়ে কেৱল ১ৰ পৰা ২ লিটাৰৰ পানী বটল নিব পাৰিব।গৰ্ভৱতী মহিলা,৬৫ বছৰ বেছি আৰু ১০ বছৰ তলৰ শিশু আৰু লক্ষণযুক্ত লোকৰ বাবে প্ৰৱেশ নিষিদ্ধ বুলি চিৰিয়াখানা কৰ্তৃপক্ষই জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.