অৱশেষত স্বগৃহত উপস্থিত হ’ল অপহৃত অৰুণাচলী যুৱক

0 190

স্বগৃহত উপস্থিত হ’ল ৫ অপহৃত অৰুণাচলী যুৱক। উল্লেখযোগ্য যে আজি এই যুৱক কেইজনক চীনা সৈন্যই পশ্চিম অৰুণাচলৰ কবিথু অঞ্চলত মুকলি কৰি দিয়ে।
 
 
জানিব পৰা মতে যোৱা ২ ছেপ্টেম্বৰত মেক মোহন লাইনৰ সমীপৰ নাচ’ৰ চেৰা ৭ এলেকাৰ পৰা চিকাৰ কৰিবলৈ যোৱাৰ সময়ত চীনা সৈন্যই অপহৰণ কৰিছিল।এই ঘটনাৰ পিছতেই ভাৰতীয় সেনাই হটলাইন মেছেজৰ জৰিয়তে চীনা সৈন্যলৈ বাৰ্তা প্ৰেৰণ কৰিছিল। আৰু ৮ ছেপ্টেম্বত চীনা সৈন্যই যুৱক কেইজনক পোৱা বুলি নিশ্চিত কৰিছিল।উল্লেখযোগ্য যে এই সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি টুইটাৰ যোগে সদৰী কৰিছিল।

Leave A Reply

Your email address will not be published.