আজাদী কা অমৃত মহোৎসৱ উপলক্ষে শিৱসাগৰ প্ৰধান ডাকঘৰত উপায়ুক্তৰ বিশেষ আৱৰণ উন্মোচন

0 211

আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি শিৱসাগৰ প্ৰধান ডাকঘৰত স্বাধীনতা সংগ্ৰামী শ্বহীদ মণিৰাম দেৱান তথা মুক্তি যুঁজাৰু তোষেশ্বৰ বৰগোঁহাইৰ সোঁৱৰণত ভাৰতীয় ডাক বিভাগৰ দুটি বিশেষ আৱৰণ (First Day Cover) মুকলি কৰা হয়। শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহালে এই বিশেষ আৱৰণ দুটি আনুষ্ঠানিকভাৱে উন্মোচন কৰে।
সভাত উপায়ুক্ত গৰাকীয়ে স্বাধীনতা সংগ্ৰামৰ বীৰ শ্বহীদ আৰু মুক্তি যুঁজাৰুসকলৰ আত্মত্যাগৰ বিষয়ে শ্ৰদ্ধাৰে সোঁৱৰে। এনেধৰণৰ অনুষ্ঠানৰ আয়োজনৰ জৰিয়তে বীৰ শ্বহীদ আৰু মুক্তি যুঁজাৰু সকলৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাত সহায়ক হ’ব বুলি তেওঁ মত প্ৰকাশ কৰে।
উন্মোচনী সভাত নলবাৰী- বৰপেটা ডাক সংমণ্ডলৰ অধীক্ষক আব্দুল জলিল তালুকদাৰ, শিৱসাগৰ ডাক সংমণ্ডলৰ অতিৰিক্ত ডাক অধীক্ষক হিৰেন গগৈ, শিৱসাগৰৰ ডাক পৰিদৰ্শক খগেন বকতিয়াল, শিমলুগুৰি ডাক পৰিদৰ্শক ধীৰেন গগৈ, শিৱসাগৰ প্ৰধান ডাকঘৰৰ ডাকপাল ৰাহুল গগৈ, শ্বহীদ মণিৰাম দেৱানৰ আজুনাতি ভূপেন দুৱৰা আৰু প্ৰয়াত তোষেশ্বৰ বৰগোঁহাইৰ পুত্ৰ দিলীপ বৰগোঁহাই উপস্থিত থাকে।
বাতৰি যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে

Leave A Reply

Your email address will not be published.