আজিৰে পৰা মুকলি হৈছে গুৱাহাটী আঞ্চলিক বিজ্ঞান কেন্দ্ৰ

0 237

আজিৰে পৰা গুৱাহাটী আঞ্চলিক বিজ্ঞান কেন্দ্ৰ  দর্শনাৰ্থীৰ বাবে মুকলি হৈছে।ক’ভিড-১৯ৰ প্ৰট’কল মানি দর্শনাৰ্থীসকলে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ দৰ্শন কৰিব পাৰিব।
 
এই ক্ষেত্ৰত আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ সমন্বয়কে জানিবলৈ দিয়া মতে যোৱা ১৭ মাৰ্চৰ পৰা ক’ৰণা মহামাৰী সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষই অঞ্চলিক বিজ্ঞান কেন্দ্ৰ বন্ধ ৰাখিছে।
 
 
পুনৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি আজিৰে পৰা দর্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে। অৱশ্যে দর্শনাৰ্থী সকলে বিজ্ঞান কেন্দ্ৰ দৰ্শনৰ সময়ছোৱাত ৰাজ্যৰ স্বাস্থ্য বিভাগে বান্ধি দিয়া যাৱতীয় প্ৰট’কল মানি চলা লগতে সঘনাই হাত ধোৱা,মাস্ক পৰিধান কৰা আৰু অতি কমেও ১.৫ মিটাৰ দূৰত্ব অৱলম্বন কৰাটো বাধ্যতামূলক বুলি  জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.