আত্ম নির্ভৰশীল মাজুলী গঢ়াৰ লক্ষ্যৰে সকলোৱে কাম কৰিব লাগিব – মুখ্যমন্ত্ৰী

0 222

ভাৰতীয় জনতা পাৰ্টিৰ মাজুলী জিলা সাংগঠনিক কৰ্মকৰ্তাৰ আজি দুখনকৈ সভা অনুষ্ঠিত হয়।প্ৰথমখন অনুষ্ঠিত হয় উজনি নামনি মণ্ডলৰ কাৰ্য কৰ্তাৰ সভা নয়াবজাৰস্থিত উজনি মিলন সংঘত আনহাতে দক্ষিণ পূব মণ্ডলৰ সভা খন ৰঙাচাহী কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত হয়।
 
 
 
সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে সমৃদ্ধিশালী ভাৰতবৰ্ষ তথা প্ৰতিগৰাকী নাগৰিকক সবল, স্বাৱলম্বী কৰাৰ উদ্দেশ্যে অভিযান আৰম্ভ কৰিছে । যাতে দেশৰ প্ৰতিগৰাকী নাগৰিকক আত্মনির্ভশীল কৰি গঢ়ি তুলিব পাৰে।
 
 
 
মাজুলীত উৎপাদিত সামগ্ৰী সমূহ যাতে অধিক উৎপাদন হয় আৰু এই সামগ্ৰী সমূহে গ্ৰাহকক আকৰ্ষণ কৰি জিলাখনৰ লগতে ওচৰ চুবুৰীয়া ৰাজ্য ,ৰাষ্ট্ৰলৈও অৱদান আগবঢ়াব পাৰে তাৰ মানসিকতাৰে কাম কৰিব লাগিব বুলি সভাত মন্তব্য কৰে।
 
 
 
সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে দেশক আত্ম নির্ভৰশীল কৰি তুলিবলৈ প্ৰধানমন্ত্ৰীয়ে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। লগতে ৰাজ্য খনৰ সমস্যা সমূহ সমাধান কৰি বিভিন্ন দিশত আগুৱাই নিবলৈ পদক্ষেপ গ্ৰহণ কৰিব।আজি অনুষ্ঠিত হোৱা সভাত প্ৰদান বৰুৱা,ৰণোজ পেগুকে আদি কৰি দলৰ বহুকেইজন ব্যক্তি উপস্থিত থাকে।
 
 

Leave A Reply

Your email address will not be published.