আনলকৰ নতুন গাইড লাইনত কি আছে

0 252

ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্চয় কৃষ্ণই আনলক প্ৰক্ৰিয়া সম্পৰ্কে নতুন নিৰ্দেশনা জাৰি কৰিছে । সেই অনুসৰি নিশা ৯:৩০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন হ’ব । নিশা ৯:৩০ বজাৰ পৰা পুৱা ৫ বজালৈকে কোনো লোকে বিনা কাৰণত ঘৰৰ পৰা ওলাব নোৱাৰিব।
 
 
 
শনিবাৰ আৰু দেওবাৰে পূৰ্ব দৰেই সম্পূৰ্ণ লকডাউন অব্যাহত থাকিব । এতিয়াৰে পৰা পথৰ দুয়োকাষেৰে দোকান খুলিব পাৰিব। পুৱা ৫ বজাৰ পৰা খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান । সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়ত কৰিব পাৰিব।
 
 
 
 
সামাজিক, ৰাজনৈতিক, ক্ৰীড়া, মনোৰঞ্জন, একাডেমীত, ধৰ্মীয় আদি অনুষ্ঠানত ৫০ জনৰ অধিক লোক সমবেত হ’ব নোৱাৰিব।সামাজিক দূৰত্ব মানি ৰাজহুৱা বাহন চলাচল কৰিব পাৰিব । অৱশ্যে বাহন সমূহে কেৱল ৫০ শতাংশ যাত্ৰীহে কঢ়িয়াই নিব পাৰিব। ব্যক্তিগত যান-বাহন চলাচলৰ ক্ষেত্ৰত সান্ধ্য আইনত বিশেষ কঠোৰ ব্যৱস্থা । ৰাজহুৱা স্থানত থু পেলোৱা, ধপাত সেৱন কৰা, সুৰা সেৱন নিষিদ্ধ কৰা হৈছে।
 
 
ইফালে কোনো লোকে মাস্ক পৰিধান নকৰিলে ১০০০ টকাৰ জৰিমনা বিহা হ’ব ।চিনেমা হল, ছুইমিং পুল,পাৰ্ক, থিয়েটাৰ হল, অডিট’ৰিয়াম আদি বন্ধ থাকিব।চিটি বাছ সমূহে গুৱাহাটীত ৫০ শতাংশ যাত্ৰীসহ ক’ভিড প্ৰট’কল মানি চলিব পাৰিব।

Leave A Reply

Your email address will not be published.