আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলি উঠিছে অসমৰ বিজ্ঞানী

0 230

অসমৰ বিজ্ঞানীৰ এক গুৰুত্বপূৰ্ণ গৱেষণা।যি গৱেষণাই হয়তো উত্তৰ পূৰ্বাঞ্চল তথা দক্ষিণ পূবৰ দেশ সমূহক কৃষিৰ ক্ষেত্ৰত এক নতুন ধাৰণা প্ৰদান কৰিব।এই বিষয়ে ইতিমধ্যে আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়টো চৰ্চা লাভ কৰিছে।বিশ্বৰ আগশাৰী ফ’বছ আলোচনীয়েও স্বীকৃতি প্ৰদান কৰিছে।
 
 
 
এই গৱেষণাৰ লগত জৰিত হৈ আছে নগাঁৱৰ এজন পৰিবেশ বিজ্ঞানী।বিজ্ঞানীজনৰ নাম ডক্টৰ জগন্নাথ বিশ্বকৰ্মা।সম্প্ৰতি তেখেত ছুইজাৰলেণ্ডত কৰ্মৰত হৈ আছে।
 
তেখেতৰ সৈতে হোৱা এক বাৰ্তালাপত কয় যে আইৰণৰ পৰিমাণ কমকে থকা ধান,ঘেঁহুক খাদ্য হিচাপে গ্ৰহণ কৰিলে মানুহৰ শৰীৰত থকা আইৰণৰ মাত্ৰা কমি যায়।সেয়ে খেতি মাটিত ল’বলগীয়া যতন আৰু ড্ৰেইন চিষ্টেমত গুৰুত্ব দিব লাগে।
 
 
উল্লেখযোগ্য যে দুৰ্যোগৰ সময়ত কিদৰে গছত থকা অণুজীৱই খাদ্য গ্ৰহণ কৰে সেই বিষয়ে তেখেতে গৱেষণা কৰিছিল।ইয়াৰ উপৰিও বহু কেইখন গৱেষণা পত্ৰ ইতিমধ্যে প্ৰকাশ পাইছে।পৰিবেশ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢোৱা বৰঙণিৰ বাবে  ২০১৯ চনত ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দৰ পৰা বিশেষভাৱে সন্মানীত হৈছে।এই গৰাকী অসম সন্তানৰ আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ স্বীকৃতিয়ে সকলোকে আনন্দিত কৰিছে।

Leave A Reply

Your email address will not be published.