আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলিল টীয়ক সন্তান

0 269

আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজ্বলিল টীয়কৰ সন্তান নৱজিত কৈৰী।কৈৰীয়ে ইণ্টাৰনেছনেল ফেডাৰেছন অফ মুৱাইথাই এচচিয়েছন চমুকৈ IFMA ৰ খান ছেমিনাৰৰ চুড়ান্ত পৰীক্ষাত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ সমল কলাৰ পাৰদৰ্শিতাৰে ১৩ নম্বৰ স্থান দখল কৰি ভাৰতৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে নৱজিত কৈৰীয়ে ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় সন্মান বুটলিবলৈ সক্ষম হৈছে। যোৱা ছয়টা বছৰে টীয়কৰ বাগান খেলপথাৰত একক প্ৰচেষ্টাত সমৰকলাৰ এখন বিদ্যালয় স্থাপন কৰি বহুতো ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।নিতৌ নিজৰ কৰ্ম ব্যস্ততাৰ মাজতো কণ কণ প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ দি তেওঁলোকক শাৰীৰিক তথা মানসিকও আত্ম প্ৰতিৰক্ষাৰ কলাৰ প্ৰশিক্ষণেৰে সুস্থ সবল কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.