আলি আই লৃগাঙৰ প্ৰস্তুতি চলিছে

0 288

সমাগত আলি আই লৃগাং ।আলি আই লৃগাং হ’ল মিচিং জনজাতিৰ এক কৃষি ভিত্তিক উৎসৱ ।নৈপৰীয়া মিচিংসকলে হেঁপাহৰ উৎসৱটিক উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে ।কিয়নো বুুুধবাৰ সমাগত ,উল্লেখযোগ্য যে আলি আই লৃগাং প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপিত হয়।পৰম্পৰা আৰু ঐতিহ্যক সাক্ষী কৰি নৈপৰীয়া মিচিং সকলে এই উৎসৱ পালনৰ বাবে ব্যস্ত হৈ পৰিছে ।আলি আই লৃগাঙত যুৱক যুৱতী সকলে নৃত্য গীতেৰে উৎসৱৰ আনন্দ প্ৰকাশ কৰে লগতে কিছু পৰম্পৰা পালন কৰে ।ছাই মদ আৰু গাহৰি খোৱা পৰম্পৰা এই উৎসৱৰ লগত সম্পৰ্কিত হৈ আছে।সাধাৰণতে আলি আই লৃগাঙৰ দিনা প্ৰত্যেকজন মিচিং যুৱক যুৱতীয়ে পৰম্পৰাগত  সাজপাৰ পৰিধান কৰে।

Leave A Reply

Your email address will not be published.