আৰম্ভ হ`ল ৰূপকোঁৱৰ নাট্য উৎসৱ

0 223

অসমীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই প্ৰথম বাৰৰ বাবে আয়োজন কৰিছে নাট্য চর্চাৰ এক বিশেষ অনুষ্ঠান ৰূপকোঁৱৰ নাট্য উৎসৱ।অসমৰ সাহিত্য আৰু সংস্কৃতিৰ ৰূপকাৰ জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ পবিত্ৰ স্মৃতিত নিবেদন কৰা হয় চৌখিন নাট্য সম্ভাৰ।আজিৰে পৰা অহা ১৯ জানুৱাৰীলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে ৰূপকোঁৱৰ নাট্য উৎসৱ।
নাটকৰ আৰম্ভণিতে প্ৰেক্ষাগৃহ প্ৰাংগনত মুক্তাঙ্গনত সন্ধিয়া ৫-৩০ বজাত গুৱাহাটী শিল্পী সকলৰ দ্বাৰা কামৰূপীয়া ঢুলীয়া চাৰ্কাচৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সন্ধিয়া ৬-৩০ বজাত নাট্য উৎসৱৰ শুভাৰম্ভনি অনুষ্ঠান অনুষ্ঠিত কৰা হয় উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই কলাক্ষেত্ৰ সমাজৰ সচিব সুৰ্দশন ঠাকুৰে।নাট্য উৎসৱৰ শুভ উদ্বোধনী কৰে বিশিষ্ট চলচিত্ৰ পৰিচালক আৰু আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথাছবি নিৰ্মাতা তথা কলাক্ষেত্ৰ সমাজৰ সাধাৰণ পৰিষদৰ সদস্যা মঞ্জু বৰাই।
অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ক্ৰমে দুলাল ৰয়,ড° পোনা মহন্ত,প্ৰীতম শইকীয়া, আংগুৰলতা ডেকা, পূৰ্ণিমা শইকীয়া, অবিনাশ শৰ্মা। ৰূপকোঁৱৰ নাট্য উৎসৱৰ প্ৰথম দিনাৰ নাট্য নিবেদন কৰা হয় জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কালজয়ী নাটক কাৰেঙৰ লিগিৰী।বিশিষ্ট অভিনেতা পৰিচালক প্ৰাঞ্জল শইকীয়াৰ পৰিচালনাত নাটখনি আয়োজন কৰিছে যোৰহাট কৃষ্টিৰ পথাৰ নাট্য গোষ্ঠীয়ে। নাটখনিত অভিনয় কৰে ক্ৰমে সৌমাৰ জ্যোতি বৰা,স্বাগতা ভৰালী, শুভাশীষ ৰিয়ান কাশ্যপ, বিদ্যুৎ বৰুৱা,বিস্মিতা দত্ত, প্ৰশান্ত হাজৰিকা, শিল্পী শিখা বৰা,নিলাক্ষী বৰুৱা,চয়নিকা বৰা,লাকী বৰা,অচিতা দত্ত, প্ৰিয়াক্ষী সভাপণ্ডিত, মাধুৰিমা বৰুৱা,তাপস অৰুণ শইকীয়া, প্ৰদ্যুৎ কৃষ্ণ মহন্ত,প্ৰাচুৰ্য প্ৰাণ গোস্বামী, গোপাল কৃষ্ণ বাঢ়ে আৰু সমীৰণ দত্ত।নাটখনি সহযোগী পৰিচালনা তাপস তৰুণ শইকীয়া।সংগীত পৰিচালনা জয়ন্ত নাথ,পোহৰ তপন বৰুৱা,ৰূপসজ্জা সমীৰণ দত্ত,চয়নিকা বৰুৱা,মঞ্চ সম্পাদনা দিব্যজ্যোতি বৰুৱা।কলা নিৰ্দেশনা আৰু ব্যৱস্থাপনা নুৰুদ্দিন আহমেদ আৰু সমীৰণ দত্ত।

Leave A Reply

Your email address will not be published.