এটা ফেচবুক পোষ্ট, পোষ্টটোত লিখা হৈছিল মঙ্গলদৈ চহৰৰ কোনো ক’ভিড আক্ৰান্ত পৰিয়ালক যদি খাদ্য লাগে বিনামূলীয়াকৈ যোগান ধৰা হ’ব। এই ফেচবুক পোষ্টটো কৰা হৈছিল ৪ মে’ত। ফেচবুকত এই পোষ্টটো আপডেট দিছিল মঙ্গলদৈৰ সোমা দে’ নামৰ এগৰাকী মহিলাই। সেই পোষ্টৰ আঁত ধৰিয়ে বিভিন্ন জনে সোমা দে’ হাজৰিকাক যোগাযোগ কৰাত তেখেতে বিনামূলীয়াকৈ খাদ্য যোগান ধৰি আহিছে। এই ক্ষেত্ৰত তেখেতৰ স্বামী কংকণ হাজৰিকাৰ লগতে দুই সন্তানে সহযোগ কৰিছে। উল্লেখযোগ্য যে, সোমা দে’হাজৰিকা মঙ্গলদৈ সংস্কৃতি জুনিয়ৰ কলেজৰ আৰু ডি এল এড ষ্টাডী চেণ্টাৰৰ সঞ্চালিকা। এই পৰিয়ালটোৱে যোৱা বছৰৰ ক’ভিডৰ সময়তো বিভিন্ন জনক সহায়ৰ হাত আগবঢ়াইছে। সোমা দে’ হাজৰিকাৰ এনে কৰ্মৰ বাবে বহুতে প্ৰশংসা কৰিছে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন