কাৰেঙৰ লিগিৰী মঞ্চস্থ

0 273

২ জানুৱাৰী শনিবাৰে সন্ধিয়া সাংস্কৃতিক নগৰী যোৰহাটৰ জিলা পুথিভঁৰালৰ মঞ্চত সামাজিক আৰু সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান কৃষ্টিৰ কঠীয়াৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ এখনি কালজয়ী নাটক কাৰেঙৰ লিগিৰী মঞ্চস্থ কৰা হয়৷
কৃষ্টিৰ কঠীয়াৰ উপদেষ্টা,বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া আৰু তাপস তৰুণ শইকীয়াৰ পৰিচালনাত মঞ্চস্থ কৰা নাটখনিত অভিনয় কৰে যোৰহাটৰ এদল উদ্যমী শিল্পী ক্ৰমে সৌমাৰ জ্যোতি বৰা, স্বাগতা ভৰালী,বিস্মিতা দত্ত,বিদ্যুত বৰুৱা,শুভাশীৰ্ষ ৰিয়ান,শিল্পীশিখা বৰা,প্ৰশান্ত হাজৰিকা,চয়নিকা বৰা,নীলাক্ষী বৰুৱা, মাধুৰিমা বৰুৱা,লাকী বৰা,অৰ্চিতা দত্ত,প্ৰিয়াক্ষী সভাপণ্ডিত,তাপস তৰুণ শইকীয়া,প্ৰদ্যুত কৃষ্ণ মহন্ত,গোপাল কৃষ্ণ বাঢ়ৈ,প্ৰাচুৰ্য প্ৰাণ গোস্বামী আৰু সমীৰণ দত্তই৷নাটখনিৰ সংগীত পৰিচালনা বিশিষ্ট সংগীত শিল্পী জয়ন্ত নাথৰ৷শিল্পী সকলৰ সাৱলীল অভিনয়ে দৰ্শক সকলক মন্ত্ৰমুগ্ধ কৰাৰ লগতে নাট পৰিৱেশন কৰা দলটিক সকলোৱে ভূয়সী প্ৰশংসা কৰে৷
খবৰ যুগুতালে যোৰহাটৰ পৰা গোপাল কৃষ্ণ বাঢ়ৈয়ে

Leave A Reply

Your email address will not be published.