কুকুৰমাৰাত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলত আজাৰা এফ চি ক্লাৱ জয়ী

0 206

কামৰূপ জিলা কুকুৰমাৰাৰ ১ নং জীয়াকুৰৰ গোপাল মন্দিৰ খেলপথাৰত হেপ্পী স্পোৰ্টচ্ ক্লাৱৰ উদ্যোগত সদৌ অসম প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনিৰ আজি চুড়ান্ত খেলখন অনুষ্ঠিত হয়। উক্ত খেলখন আজাৰা এফ.চি.ক্লাৱ আৰু হেপ্পী স্পোৰ্টচ ক্লাৱৰ মাজত অনুষ্ঠিত হয়। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত আজাৰা এফ.চি.ক্লাৱে হেপ্পী স্পোৰ্টচ্ ক্লাৱক পৰাজিত কৰি চুড়ান্ত খিতাপ অৰ্জন কৰে। উল্লেখ্য যে, যোৱা ১৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাখনিৰ চেম্পিয়ন দলক চলন্ত ট্ৰফীৰ উপৰিও নগদ ৫০ হাজাৰ টকা আৰু ৰাণাৰ্ছ আপ দলক ট্ৰফীৰ লগতে ৩০ হাজাৰ টকা আগবঢ়ায় গুৱাহাটীৰ ডি.জে. এগ্ৰ ইণ্ডাষ্ট্ৰিয়েল প্ৰজেক্ট প্ৰাইভেট লি:তে। চুড়ান্ত খেলখনত ডি.জে. এগ্ৰ ইণ্ডাষ্ট্ৰিয়েল প্ৰজেক্ট প্ৰাইভেট লি:ৰ পৰিচালক সঞ্চালক দ্বীপজ্যোতি মহন্ত, সঞ্চালিকা মিলি মহন্ত উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.