কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত থলুৱা ফল মূল,শাক পাচলিৰ মূল্য সংযোজন আৰু সংৰক্ষণ শিবিৰ অনুষ্ঠিত

0 249

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ উদ্যোগত আৰু কৃষি ভিত্তিক সংগঠন ‘দৃষ্টি স্বাৱলম্বন কেন্দ্ৰৰ সহযোগত ২০ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ থলুৱা ফল-মূল আৰু শাক-পাচলিৰ মূল্য সংযোজন আৰু সংৰক্ষণ বিষয়ক এক পাঁচদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায় । শিবিৰত বিভিন্ন প্ৰান্তৰ ২১ জনী উদ্যমী মহিলাই ভাগ লয় । আনহাতে কৃষি বিজ্ঞান কেন্দ্র চৌহদত কেন্দ্ৰৰ প্ৰকল্প সহায়ক মধুস্মিতা ডেকাৰ তত্বাৱধানত অনুষ্ঠিত শিবিৰত মহিলা সকলক ৰাজ্যৰ সকলোতে উপলব্ধ থলুৱা , কিন্তু বিভিন্ন ওষধি গুণ সম্পন্ন মানৱ দেহৰ উপকাৰী থলুৱা ফল-মূল , শাক-পাচলিৰ উপযুক্ত মূল্য নিৰ্ধাৰণ কৰা আৰু তাক বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰি লাভবান হ’ব পাৰি তাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় । সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ ধীৰেন্দ্ৰনাথ কলিতাই শিবিৰত লাভ কৰা অভিজ্ঞতাৰে মহিলা সকল যাতে স্বাৱলম্বী হ’ব পাৰে তাৰ কামনা কৰে । তেনেদৰে বিশিষ্ট অতিথি হিচাপে ভাগ লৈ দৃষ্টি স্বাৱলম্বন কেন্দ্ৰৰ কুশল মালাকাৰে পৰিৱৰ্তিত পৰিস্থিতিত আত্মনিৰ্ভৰ অসম ধাৰণাৰে আগবাঢ়ি যাবলৈ মহিলা সকলক আহ্বান জনায় ।

Leave A Reply

Your email address will not be published.