কেবাখনো জিলাত ক`ৰণা বাবে পাঠদান স্থগিত থাকিব-ঘোষণা স্বাস্থ্যমন্ত্রীৰ

0 258

ক’ৰণা ভাইৰাছৰ সন্ত্ৰাষে ৰাজ্যত জটিল ৰুপ ধাৰণ কৰিছে৷ দিনে দিনে ক’ৰণা আক্রান্তৰ সংখ্যা বৃদ্ধিক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰে অৱশেষত প্রাথমিক বিদ্যালয়ৰ পাঠদান বন্ধ ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ সেই অনুসৰি যিবোৰ জিলাত ১০০ বা তাতকৈ অধিক লোক মাৰাত্মক ভাইৰাছত আক্রান্ত হৈছে, সেই জিলাসমূহত প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈ পাঠদান স্থগিত ৰাখিবলৈ নির্দেশ দিয়া হৈছে৷
স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যায়ল হাস্পতালত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা ঘোষণা কৰি কয়।যোৱা তিনি এপ্রিলৰ পৰা ক’ৰণা আক্রান্তৰ সংখ্যা ৰাজ্যত ক্রমাগতভাৱে বৃদ্ধি পাই আহিছে৷ বিশেষকৈ ১০ এপ্রিলৰ পৰা ১৬ এপ্রিললৈ ক’ৰণা আক্রান্তৰ সংখ্যা পাঁচ শতাধিকলৈ বৃদ্ধি পাইছে৷ এনে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখিয়েই শিক্ষা বিভাগে প্রতিখন জিলাৰ উপাযুক্তক প্রাথমিক বিদ্যালয়ৰ পাঠদান বন্ধ ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিবলৈ পত্রযোগে নির্দেশ দিছে৷
সেইমর্মে যিসমূহ জিলাত আক্রান্তৰ সংখ্যা ১০০তকৈ অধিক হৈছে, তেনে জিলাসমূহত সোমবাৰৰ পৰা প্রাথমিক বিদ্যালয়ৰ পাঠদান বন্ধ থাকিব৷ এইপর্যন্ত কামৰূপ (মহানগৰ), ডিব্রুগড়, কামৰূপ, নগাঁও, যোৰহাট, তিনিচুকীয়া, কাছাৰ আৰু শোণিতপুৰ জিলাত ১০০তকৈ অধিক লোক ক’ৰণাত আক্রান্ত হৈছে৷ সেয়েহে এই জিলাসমূহত প্রাথমিক বিদ্যালয়ৰ পাঠদান বন্ধ ৰখা হ’ব৷ মুখ্যতঃ কণ কণ ছাত্র–ছাত্রীসকলৰ সুৰক্ষাৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি জিলা উপায়ুক্তক সিদ্ধান্ত গ্রহণৰ বাবে নির্দেশ দিয়া হৈছে৷
স্বাস্থ্যমন্ত্রী ড° শর্মাই প্রকাশ কৰা অনুসৰি এতিয়াৰে পৰা যিখন জিলাত আক্রান্তৰ সংখ্যা ১০০ অতিক্রম কৰিব, সেই জিলাখনতেই প্রাথমিক বিদ্যালয়ৰ পাঠদান সম্পূর্ণৰূপে বন্ধ ৰখা হ’ব৷ উল্লেখ্য যে কামৰূপ (মহানগৰ) জিলাত শুকুৰবাৰলৈ ১,৮৬০গৰাকী, ডিব্রুগড় জিলাত ৩২৩গৰাকী, কামৰূপ জিলাত ২৮৫, নগাঁও জিলাত ১৪৬গৰাকী, যোৰহাট জিলাত ১৩৩গৰাকী, তিনিচুকীয়া জিলাত ১৩১গৰাকী, কাছাৰ জিলাত ১২০গৰাকী আৰু শোণিতপুৰ জিলাত ১১৯গৰাকী লোক ক’ৰণাত আক্রান্ত হৈছে৷এই নিদেৰ্শনা অহা সোমবাৰৰ পৰাহে ইয়াক কার্যকৰী হ’ব৷

Leave A Reply

Your email address will not be published.