ক’ৰণা পৰীক্ষণৰ টেষ্ট কিট উদ্ভাৱন কৰি চৰ্চালৈ আহিছে অসমৰ বিজ্ঞানী

0 231

ক’ভিড-১৯য়ে দিনে দিনে ন ৰূপ ধাৰণ কৰিছে।এই কথা বিভিন্ন কাকত,জাৰ্ণেলত ইতিমধ্যে প্ৰকাশ পাইছে। ক’ভিড ১৯ৰ উপস্থিতি ধৰা পেলাবলৈ বিভিন্ন বিজ্ঞানীয়ে গৱেষণা অব্যাহত ৰখা সময়তে ক’ৰনাৰ শেহতীয়া ৰূপ পৰীক্ষা কৰিব পৰা টেষ্ট কিট উদ্ভাৱনৰ লগত জৰিত হৈ চৰ্চালৈ আহিছে এগৰাকী অসম সন্তান।

তিনিচুকীয়া পৰ্বতীয়াৰ শুভাঞ্জন ভৌমিক আৰু তেওঁৰ টীমে আই চি এম আৰ, এন আই আৰ আৰ এইচৰ সহযোগত এটা টেষ্ট কিট প্ৰস্তুত কৰিছে।শুভাঞ্জন ভৌমিক বৰ্তমান মুম্বাইৰ বেনকছ ৰিচাৰ্ছ প্ৰাইভেট লিমিটেডত কৰ্মৰত হৈ আছে। জানিব পৰা মতে যোৱা মাৰ্চ, এপ্ৰিলৰ পৰা এই বৈজ্ঞানিকৰ দলটোৱে টেষ্ট কিটৰ গৱেষণা অব্যাহত ৰাখিছিল।সম্প্ৰতি ১০০০ৰো অধিক ব্যক্তিক এই টেষ্ট কিটৰ জৰিয়তে পৰীক্ষণ কৰিছে বুলি ভৌমিকে মন্তব্য কৰিছে।লগতে তেখেতে কয় যে সকলো ঠিকেই থাকিলে অচিৰেই বজাৰত মুকলি কৰা হ’ব।

Leave A Reply

Your email address will not be published.