চি পি আই এমৰ মাছখোৱা  আঞ্চলিক সমিতি গঠন 

0 223

ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ  মাছখোৱা আঞ্চলিক সমিতি গঠনৰ লক্ষ্য আৰু উদ্দেশ্যেৰে দেওবাৰে  সাপতিয়া আঞ্চলিক পুথিভঁৰাল প্ৰাংগনত ষষ্ঠ বাৰ্ষিক  সংগঠনিক সন্মিলনখন অনুষ্ঠিত হয়। জ্যেষ্ঠ কমিউনিষ্ট নেতা পূৰ্ণ গগৈৰ পতাকা উত্তোলন আৰু ৰাজ্যিক সমিতিৰ সদস্য গোপাল গগৈৰ শ্বহীদ তৰ্পণৰ পাছতে পূৰ্ণ গগৈ আৰু গোপাল গগৈৰ সভাপতিত্বত সন্মিলনৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয় ।  জিলা সমিতিৰ সদস্য ডিম্বেশ্বৰ চেতিয়াই উদ্দেশ্য ব্যাখ্যা কৰা প্ৰতিনিধি সভাত  মাছখোৱা আঞ্চলিক সমিতিৰ ৩০ গৰাকী প্ৰতিনিধিৰ উপস্থিতিত আঞ্চলিক সম্পাদক ভবেন চমুৱাই ১২ পৃষ্ঠা জোৰা  সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে ।  সম্পাদকৰ  বিস্তৃত প্ৰতিবেদনৰ ওপৰত ৫ গৰাকী প্ৰতিনিধিয়ে আলোচনা কৰি  নিজস্ব মতামত ব্যক্ত কৰে। জিলা আৰু ৰাজ্যিক নেতৃবৰ্গৰ উপস্থিতিত সংগঠনিক পৰ্যালোচনা আৰু ভৱিষ্যত কৰণীয়তা সন্দৰ্ভত প্ৰতিনিধি সকলে গঠন মূলক বক্তব্য আগবঢ়াই এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰাৰ ওপৰত মতামত আগবঢ়ায়। পৰৱৰ্তী সময়ত নিৰ্বাচিত প্ৰতিনিধি সভাই অনাগত কাৰ্যকালৰ বাবে ভবেন চমুৱাক সম্পাদক হিচাপে লৈ এখন ২১ জনীয়া আঞ্চলিক সমিতি গঠন কৰে আৰু জিলা সমিতিলৈ ১৭ গৰাকী প্ৰতিনিধি প্ৰেৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰতিনিধি সভাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী স্থিতি আৰু অদক্ষ পৰিচালনাৰ বাবেই অত্যাৱশ্যকীয় সামগ্ৰী ,ইন্ধনজাত সামগ্ৰীৰ আকাশলঙ্ঘী মূল্য বৃদ্ধিয়ে  সৰ্বসাধাৰণ ৰাইজৰ মূৰত প্ৰচণ্ড মাধমাৰ সোধাইছে বুলি ঐক্যমত পোষণ কৰি তৎকালে খাটি খোৱা মেহনতি জনতাৰ জীৱন দুৰ্বিসহ কৰি তোলা মূল্যবৃদ্ধি ৰোধ কৰি নিত্য ব্যবহার্য সামগ্ৰীৰ দাম হ্ৰাস কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। লগতে উৎপাদিত কৃষি ফচলৰ নাৰ্য মূল্য নিৰ্ধাৰণ কৰা , নাৰী নিৰ্যাতন  কঠোৰ হাতেৰে ৰোধ ৰোধ কৰা , ৰবি আৰু উদ্যান শস্যৰ বীজ বিনামূলীয়াকৈ দৰিদ্ৰ কৃষকক যোগান ধৰা, শ্ৰমজীৱীৰ পথাৰত বিনামূলীয়া ভাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা আদি বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সৰ্ব সন্মতি ক্ৰমে গ্ৰহণ কৰা হয়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.