ঢকুৱাখনাত উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ-অসমৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস পালন

0 371

পুৰাতন ভাৰতীয়ৰ প্ৰজ্ঞা,পুৰাতন ভাৰতীয় শিক্ষা ব্যৱস্থা, একবিংশ শতিকাৰ প্ৰয়োজনীয়তা এই সকলোৰে মাজত সংগতি ৰাখি কিদৰে সাম্প্ৰতিক  শিক্ষা ব্যৱস্থাটো বৈল্পৱিক ধাৰণাৰ মাজেদি আগুৱাই নি একবিংশ শতিকাৰ বাবে উপযুক্ত কৰি তুলিব তাৰ চিন্তা কৰ্ষণ কৰি নতুন  শিক্ষা নীতি ২০২০ প্ৰৱৰ্তন কৰা হৈছে। 
ৰাষ্ট্রীয় জ্ঞানৰ তৃষ্ণা দূৰ কৰাৰ এক ৰাষ্ট্ৰ ব্যাপ্ত প্ৰয়াস এই ৰাষ্ট্ৰীয়  নতুন শিক্ষা নীতি ।একবিংশ শতিকাত ভাৰতক বিশ্বৰ ভিতৰতে জ্ঞানৰ “চুপাৰ পাৱাৰ” হিচাবে গঢ় দিবলৈ প্ৰৱৰ্তন কৰা এই নতুন শিক্ষা নীতিয়ে আধুনিক শিক্ষা ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হ`ব আৰু এই প্ৰক্ৰিয়াত প্ৰতিগৰাকী শিক্ষক  অভিভাৱক ,শিক্ষাৰ্থীয়ে সহযোগিতা আগবঢ়োৱাটো সাম্প্ৰতিক সময়ৰ তাগিদা।এই ক্ষেত্ৰত অধ্যক্ষ মঞ্চৰ কৰণীয় অধিক।
ৰাজ্যখনৰ  ছয় শতাধিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সকলৰ প্ৰতিনিধিত্বকাৰী একমাত্ৰ উমৈহতীয়া সংগঠন উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ-অসমৰ চতুৰ্থ সংখ্যক  প্ৰতিষ্ঠা দিৱসত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি বৃহস্পতি বাৰে এই মন্তব্য কৰে শিক্ষাবিদ সেৱক চন্দ্ৰ চুতীয়াই। ৰাজ্যখনৰ বিভিন্ন স্থানত সিঁচৰতি হৈ থকা  উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহৰ অধ্যক্ষ সকলৰ মাজত সু সমন্বয় গঢ়ি চৰকাৰী নীতি নিৰ্দেশনাৰ মাজেৰে  শিক্ষাৰ্থী সকলৰ শৈক্ষিক ,মানসিক, শাৰীৰিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ  লক্ষ্যৰে ২০১৮ চনৰ ১৪ অক্টোবৰত  আত্মপ্ৰকাশ কৰা এই মঞ্চৰ চতুৰ্থ সংখ্যক প্ৰতিষ্ঠা দিৱসটো  বৃহস্পতি বাৰে লখিমপুৰ জিলা মঞ্চৰ আমন্ত্ৰণ ক্ৰমে  ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আতিথ্যত দিনজোৰা কার্যক্রমণিকাৰে অনুষ্ঠিত কৰা সভাত  ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক সেৱক চন্দ্ৰ চুতীয়াই নতুন শিক্ষা নীতিৰ প্ৰাসংগিকতা আৰু নব্য প্ৰবৰ্তীত এই শিক্ষা  নীতিৰ  মহৎ লক্ষ্য উদ্দেশ্যৰ সন্দৰ্ভত  বিশ্লেষণাত্মক বক্তব্য আগবঢ়ায়। 
পুৱা সামূহিক চাফাই , গছপুলি ৰোপণ শ্বহীদ তৰ্পণ আদি কাৰ্যসূচীৰ পাছতে মঞ্চৰ পতাকা উত্তোলন কৰে অধ্যক্ষ মঞ্চ-অসমৰ সভাপতি কল্পনা গগৈ আৰু অধ্যক্ষ মঞ্চ অসমৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি মনোজ বৰাই। দুপৰীয়া  এটি সমবেত সংগীতেৰে মঞ্চ মুকলি কৰাৰ পাছতে ৰাজ্যিক সমিতিৰ সভাপতি কল্পনা গগৈৰ সভাপতিত্বত  বিদ্যালয় প্ৰেক্ষাগৃহত মুকলি সভা অনুষ্ঠিত
হয়। মঞ্চৰ উপদেষ্টা  নাচিৰ চুলতানে শুভ উদ্ধোধন কৰা মুকলি সভাত অগ্ৰজ সকলৰ সামাজিক অৱদানৰ ওপৰতে  উঠি অহা নৱ প্ৰজন্মৰ ভৱিষ্যত নিৰ্ভৰশীল বুলি কৈ এখন সৰ্বাংগ সুন্দৰ  সমাজ গঠনৰ অবিহনে ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত কেতিয়াও  সুন্দৰ আৰু সুৰক্ষিত নহয় বুলি ব্যক্ত কৰি দেশৰ মেৰুদণ্ড  আৰু  ভবিষ্যত স্ৰষ্টা  স্বৰূপ শিক্ষক সকলেই এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱাটো প্ৰয়োজন বুলি কয়। ৰাজ্যিক একাডেমীক কাউন্সিলৰ প্রাক্তন সম্পাদক চুলতানে প্রাক্তন ৰাষ্ট্ৰপতি আব্দুল কালাম ,বিশিষ্ট কথা সাহিত্যিক  ডঃ নগেন শইকীয়াৰ , আব্দুল মালিক , হোমেন বৰগোহাঞিৰ  সান্নিধ্যপূৰ্ণ অভিজ্ঞতাৰ মননশীল ব্যাখ্যা দাঙি ধৰে। লখিমপুৰ জিলা মঞ্চৰ  উপদেষ্টা, মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰফুল্ল বৰুৱাই আদৰণি ভাষণত ৰাজ্যিক আৰু জিলা নেতৃবৰ্গ আৰু প্ৰতিনিধি সকলৰ আদৰণি জনায়।
মঞ্চৰ সাধাৰণ সম্পাদক আবুল হাছেন আল আমানে উদ্দেশ্য বাখ্যাত মঞ্চৰ জন্ম যন্ত্ৰণা , পৰৱৰ্তী কাৰ্যকালত আহি পৰা প্ৰবল  প্ৰত্যাহ্বান আৰু এনে প্ৰবল প্ৰতিবন্ধকতাকো নেওচি  সাম্প্ৰতিক সময়ত ৰাজ্যিক সংগঠনিক ভেঁটিৰে এক গুৰুত্বপূৰ্ণ অনুষ্ঠানলৈ ধাবিত হোৱা মঞ্চৰ প্ৰাসংগিকতা সন্দৰ্ভত বিশদ বাখ্যা আগবঢ়ায়।লখিমপুৰ জিলা  অধ্যক্ষ মঞ্চৰ সভাপতি মনোজ বৰা ,সম্পাদক সত্য ৰঞ্জন বৰা,বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি  ডিম্বেশ্বৰ গগৈ ,
শিক্ষাবিদ দেৱেন দাস ,বিভিন্ন উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ, শিক্ষাৰ্থী ,মঞ্চৰ শতাধিক বিষয়ববীয়া আৰু  সদস্য উপস্থিত থকা   ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী মাজুন বৰুৱাৰ শ্ৰুতি মধুৰ গীতেৰে জীপাল  মুকলি সভাত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উপ নিয়ন্ত্ৰক ডঃ লব ঠাকুৰীয়া, খগেন পেগু , ডিম্বেশ্বৰ গগৈ  আদিয়েও বক্তব্য আগবঢ়ায়। কেন্দ্ৰীয় ভাবে উদযাপিত প্ৰতিষ্ঠা দিৱসতে শিৱসাগৰ আৰু চৰাইদেও জিলাৰ আমন্ত্ৰণ ক্ৰমে  অহা  ডিচেম্বৰ মাহত  শিৱসাগৰ জিলাত মঞ্চৰ ৰাজ্যিক দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰা হ°ব বুলি ঘোষণা কৰি মঞ্চৰ সমূহ জিলা সমিতিৰ আন্তৰিক সহযোগিতা কামনা কৰে ৰাজ্যিক সমিতিৰ সভাপতি কল্পনা গগৈয়ে। 
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.