দক্ষিণ শালমাৰাত কংগ্ৰেছ প্ৰাৰ্থী ওৱাজেদ আলী চৌধুৰী বিপুল ভোটত জয় লাভ  

0 245

মানকাছাৰৰ পৰা চামিম জাকাৰিয়াৰ ৰিপৰ্ট- শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি পুৱাৰে ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ কৰি সন্ধিয়া ৭ বজাত জিলাখনৰ ২১ মানকাচৰ আৰু ২২ শালমাৰা দুটা সমষ্টিৰ ভোট গণনা শান্তিপূৰ্ণ ভাবে সম্পন্ন হয় । জিলাখনত ২১ নং মানকাচৰ বিধান সভা সমষ্টিৰ মহাজোটবন্ধৰ সমৰ্থিত তথা এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলাম ১২৫৮৭৩ টা ভোট লাভ কৰাৰ বিপৰীতে মিত্ৰজোটৰ সমৰ্থিত তথা অগপ দলৰ প্ৰাৰ্থী জাবেদ ইছলাম ৬৯০৩৩ টা ভোট লাভ কৰিছে। আমিনুল ইছলাম জাবেদ ইছলামক ৫৬৮৪০ টা ভোটত পৰাস্ত কৰে।
আনহাতে দক্ষিণ শালমাৰা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ওৱাজেদ আলী চৌধুৰী ১৪৬৮৭২ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদন্ধি নিৰ্দলীয় প্ৰাৰ্থী নুৰুল ইছলাম মোল্লা ১০৭০১টা ভোট লাভ কৰি মুঠ ১৩৬১৭১ টা ভোটৰ ব্যৱধানত পৰাস্ত হয় ।
জিলাখনৰ দুয়োখন সমষ্টি মহাজোটবন্ধনৰ দখলত গৈছে যদিও এতিয়াও আনুষ্ঠানিক ভাবে ঘোষণা কৰা নাই জিলা প্ৰশাসনে ৷
 

Leave A Reply

Your email address will not be published.