দিখৌ নদী মথাউৰিৰ পৰিদৰ্শন কৰিলে ৰাজহ মন্ত্ৰী যোগেন মহনে

0 214

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে কালি দিখৌ নদীৰ মেটেকা মাজগাঁও স্থিত জলসম্পদ বিভাগৰ মথাউৰিৰ খহনীয়া অংশ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেওঁ এই মথাউৰিৰ খহনীয়া অংশ মেৰামতিৰ বাবে চলিত বর্ষত এছ. ডি. আৰ. এফ. আঁচনিৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হ’ব বুলি সদৰি কৰে। মন্ত্রী গৰাকীৰ পৰিদৰ্শন কালত বিশিষ্ট সমাজ সেৱিকা সুৰভি ৰাজকোৱঁৰী আৰু বিশিষ্ট সমাজ সেৱক ভবেন মহন উপস্থিত থাকে।
ইয়াৰ পাছত বিয়লি ৰাজহ মন্ত্ৰী গৰাকীয়ে শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ত উপস্থিত হৈ নৱ নিযুক্ত উপায়ুক্ত বিষ্ণু কমল বৰাৰ সৈতে এক আলোচনাত মিলিত হয়। মন্ত্ৰী গৰাকীয়ে উপায়ুক্তৰ সৈতে আগন্তুক বাৰিষাৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাপনা সম্পৰ্কে বিতংভাৱে বুজ লয়।
আলোচনা কালত মন্ত্ৰী গৰাকীৰ সৈতে জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলি, অতিৰিক্ত উপায়ুক্ত দীপক ভূঞা, বিশিষ্ট সমাজ সেৱিকা সুৰভি ৰাজকোৱঁৰী আৰু বিশিষ্ট সমাজ সেৱক ভবেন মহন উপস্থিত থাকে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.